শক্তিশালী প্ৰদৰ্শনেৰে ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপ ২০২৪ৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে । দেওবাৰে (২২ ডিচেম্বৰ) কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰে । চূড়ান্ত খেলখনত বাংলাদেশৰ দলটোৱে জয়ী হ’বলৈ ১১৮ ৰানৰ লক্ষ্য লাভ কৰিছিল, যি দলটোৱে সফলতাৰে অনুসৰণ কৰিব নোৱাৰিলে । মাত্ৰ ৭৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতৰ হাতত পৰাজয় স্বীকাৰ কৰে বাংলাদেশৰ দলটোৱে । প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । এনে পৰিস্থিতিত ভাৰতীয় দলটোৱে খিতাপ দখল কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে ।
তৃষাৰ বেটিং ধুমুহা-
টছ হেৰুৱাই মেচখনত প্ৰথম বেটিং কৰাৰ পিছত ভাৰতীয় দলটোৱে ৭ উইকেটত ১১৭ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ অ’পেনাৰ গংগাদী তৃষাই ৪৭টা বলত সৰ্বাধিক ৫২ ৰান সংগ্ৰহ কৰে । মিথিলা বিনোদ (১৭ ৰান), অধিনায়ক নিকি প্ৰসাদ (১২ ৰান) আৰু আয়ুষী শুক্লা (১০ ৰান) দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় । বাংলাদেশৰ হৈ ফাৰ্জানা ইয়াছমিনে সৰ্বাধিক ৪টা উইকেট দখল কৰে । আনহাতে নিশিতা আখতাৰ নিশিয়ে দুটা আৰু হাবিবা ইছলামে এটা উইকেট লাভ কৰে ।
ইয়াৰ উত্তৰত বাংলাদেশে ১৮.৩ অভাৰত মাত্ৰ ৭৬ ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱাই । উইকেটৰক্ষক জুয়াৰিয়া ফিৰডাউছে ৩০টা বলত সৰ্বাধিক ২২ ৰান সংগ্ৰহ কৰে, য’ত তিনিটা চাৰি আছিল । আনহাতে অ’পেনাৰ ফাহোমিদা চোয়াই ১৮ ৰান সংগ্ৰহ কৰে । এই দুগৰাকীৰ বাহিৰে আন বাংলাদেশী বেটছমেনে দ্বৈত সংখ্যাত উপনীত হ’ব নোৱাৰিলে । ভাৰতীয় দলৰ হৈ বাওঁহতীয়া স্পীনাৰ আয়ুষী শুক্লাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । স্পীনাৰ সোণম যাদৱ আৰু পাৰুণিকা চিছ’দিয়াই দুটাকৈ উইকেট লাভ কৰে । ভি জে যোশিতাইও এটা উইকেট লাভ কৰে ।