উত্তৰ প্ৰদেশৰ অযোধ্যাত অষ্টম দীপোৎসৱৰ সময়ত ৰামনগৰীক ডিজিটেল চহৰ হিচাপে দেখা যাব । পোহৰৰ উৎসৱত বিশ্বাস আৰু পোহৰৰ এনেকুৱা এক সংগম হ’বলৈ গৈ আছে যে চালেই চাই থাকিবলৈ বাধ্য হ’ব সকলো । বিশেষকৈ অযোধ্যাৰ ধৰ্মপথ আৰু লতা চকৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব । ইয়াৰ আভা দৃশ্যমান হ’ব, কিয়নো ইয়াত ডিজিটেল স্তম্ভ স্থাপন কৰা হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অযোধ্যালৈ প্ৰৱেশ পথ ধৰ্মপথত ১৫-১৫ ফুটৰ ২৪ টা স্তম্ভ স্থাপন কৰা হৈছে । ৰামায়ণ খণ্ডবোৰ ডিজিটেল স্তম্ভত দৃশ্যমান হ’ব আৰু সেইবোৰ ২৮ ৰ পৰা ৩০ অক্টোবৰলৈ স্বাগতম গেটলৈকে থাকিব ।
এই স্থানসমূহত পোহৰৰ কাম চলি আছে-
স্তম্ভৰ ওপৰত আকৰ্ষণীয় পোহৰৰ ব্যৱস্থাও কৰা হ’ব । লতা চকত ডিজিটেল ডিছপ্লে চিষ্টেমৰ জৰিয়তে ভক্তসকলে ভগৱান শ্ৰীৰাম অযোধ্যাত উপস্থিত হোৱাৰ দৃশ্য চাব পাৰিব । ইয়াৰ ওপৰিও ৰামকথা উদ্যান, ৰাম কি পেড়ী, হনুমান গড়ী, বিৰলা মন্দিৰ, ভজন সন্ধ্যা স্থান, তুলসী উদ্যান, সৰজু দলং আদি ঠাইতো জাকজমকতাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে ধৰ্মপথত ৰাস্তাৰ দুয়োফালে পোহৰ স্থাপন কৰি ইয়াক এক বিশাল ৰূপত সজোৱা হৈছে । এই দৃশ্য সন্ধিয়া সময়ত যথেষ্ঠ আক্ৰষণীয় হৈ পৰিছে ।