ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে আই চি চি মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপ ২০২৫ খিতাপ দখল কৰে । দেওবাৰে (২ ফেব্ৰুৱাৰী) কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । মেচখনত ভাৰতীয় দলটোৱে ৮৩ ৰানৰ লক্ষ্য লাভ কৰি মাত্ৰ ১১.২ অভাৰতে জয়লাভ কৰে । ভাৰতীয় দলৰ জয়ৰ ক্ষেত্ৰত অ’পেনাৰ বেটছমেন গংগাদী তৃষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তৃষাই বলিঙত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বেটিঙত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে ।
একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল টিম ইণ্ডিয়া-
একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে । ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত শ্বেফালী বাৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটো চেম্পিয়ন হৈছিল । এইবাৰো ভাৰতীয় দলটোৰ এই পৰ্যন্ত অভিযান উৎকৃষ্ট আৰু প্ৰতিযোগিতাখনৰ সাতখন মেচতে জয়লাভ কৰিছে । নিকি প্ৰসাদৰ নেতৃত্বাধীন দলটোৱে তিনিওটা বিভাগতে ভাল প্ৰদৰ্শন আগবঢ়াইছে ।
India retain the #U19WorldCup after a rampant display in the final 🤩#SAvIND pic.twitter.com/magfylVYs6
— ICC (@ICC) February 2, 2025
ফাইনেলত লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছিল । জি কমলিনী আৰু গংগাদী তৃষাই একেলগে ৪.৩ অভাৰত ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । কাইলা ৰেনেকেৰ বলত ৮ ৰান সংগ্ৰহ কৰি আউট হয় কমলিনী । ইয়াৰ পিছত গংগাদী তৃষা আৰু শনিকা চলকে এক উজ্জ্বল অংশীদাৰিত্ব গঢ়ি ভাৰতক জয়ৰ দিশে আগুৱাই লৈ যায় । তৃষাই ৮টা চাৰিৰ সহায়ত ৩৩টা বলত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে । আনহাতে শনিকা চালকে ২৬ ৰানত অপৰাজিত হৈ থাকে ।
দক্ষিণ আফ্ৰিকাৰ ইনিংছ-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮২ ৰান সংগ্ৰহ কৰি অল আউট হয় । দক্ষিণ আফ্ৰিকাই আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত বাওঁহাতৰ স্পীনাৰ পাৰুনিকা চিছ’ডিয়াই ছিমন লৰেন্সক (০) আউট কৰি দলটোক আঘাত দিয়ে । এই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল ১১ ৰান । তাৰ পাছত মিডিয়াম পেচাৰ শ্ববনম শ্বাকিলে আনজন অ’পেনাৰ জেম্মা বোথাক আউট কৰে । তিনি চাৰিৰ সহায়ত ১৪টা বলত ১৬ ৰান সংগ্ৰহ কৰে বোথাই । দক্ষিণ আফ্ৰিকাই ২০ ৰানত তৃতীয়টো আঘাতৰ সন্মুখীন হয়, যেতিয়া বাওঁহাতৰ স্পীনাৰ আয়ুষী শুক্লাই দিয়াৰা ৰামলাকানক ৩ ৰানত আউট কৰে ।
দক্ষিণ আফ্ৰিকাৰ উইকেট পতনৰ ক্ৰম অব্যাহত আছিল । পাৰ্ট টাইম স্পীনাৰ গংগাদি তৃষাই অধিনায়ক কাইলা ৰেনেকে (৭ ৰান) পেভিলিয়নলৈ প্ৰেৰণ কৰে । আনহাতে, কাৰাবো মেছ’ (১০ ৰান) আয়ুষী শুক্লাৰ স্পীনত আবদ্ধ হৈ পৰে । ৪৪ ৰানত ৫ উইকেট হেৰুৱাই মিকে ভান ভ’ৰষ্ট আৰু ফেই কাউলিঙে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে । ষষ্ঠ উইকেটৰ বাবে দুয়োৰে মাজত ৩০ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।
তাৰ পাছত গংগাদী তৃষাই একেটা অভাৰতে দুটা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাৰ বাবে পুনৰ পৰিস্থিতি দুৰ্বল কৰি পেলায় । তৃষাই মিকে ভান ভ’ৰ্ষ্টক ষ্টাম্প কৰে । ইয়াৰ পিছতে তেওঁ শেশনী নাইডুক ০ (০) আউট কৰে । তিনিটা চাৰিৰ সহায়ত ১৮টা বলত সৰ্বাধিক ২৩ ৰান সংগ্ৰহ কৰে মিকে ভান ভ’ৰ্ষ্টে । ইয়াৰ পাছতে বাওঁহাতৰ স্পিনাৰ বৈষ্ণৱী শৰ্মাই একেটা অভাৰতে ফেই কাউলিং (১৫) আৰু মনালিছা লেগোডী (০)ৰ উইকেট দখল কৰে । ইনিংছৰ শেষৰ বলত থকাৰ সময়তে পাৰুণিকা চিছ’দিয়াই এছলী ভান ৱাইক (০)ক পুনৰ পেভিলিয়নলৈ পঠিয়াই । ভাৰতৰ হৈ গংগাদী তৃষাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে বৈষ্ণৱী শৰ্মা, পাৰুণিকা চিসোদিয়া আৰু আয়ুষী শুক্লাই দুটাকৈ সফলতা লাভ কৰে । ভাৰতৰ হৈ এই মেচত স্পিনাৰে মুঠ ৯টা উইকেট দখল কৰে ।
ভাৰতীয় দলৰ খিতাপ যাত্ৰাঃ
১. ৱেষ্ট ইণ্ডিজক ৯ উইকেটত পৰাস্ত কৰে
২. মালয়েছিয়াৰ বিৰুদ্ধে ১০ উইকেটত জয়ী
৩. শ্ৰীলংকাক ৬০ ৰানত পৰাস্ত কৰে
৪. বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়ী
৫. স্কটলেণ্ডক ১৫০ ৰাণত পৰাস্ত কৰে
৬. ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত জয়
৭. ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে