মহাৰাষ্ট্ৰত ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাৰ শ্ব’ৰ পিছতে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কমেডিয়ানগৰাকীৰ শ্ব’ অনুষ্ঠিত হোৱা মুম্বাই হোটেলত শিৱসেনাৰ কৰ্মীসকলে হুলস্থুল কৰাৰ লগতে ভাঙি লণ্ড ভণ্ড কৰে আচবাব।
দৰাচলতে কমেডিয়ান কুনাল কামৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে য’ত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ চিন্দেক দেশদ্ৰোহী আখ্যা দিয়া দেখা গৈছে।
ইয়াৰ পিছতেই দেওবাৰে শিৱসেনাৰ কৰ্মীয়ে মুম্বাইৰ খাৰ অঞ্চলৰ এখন হোটেল ভাঙি লণ্ডভণ্ড কৰে। ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাৰ শ্ব’টো ইয়াত শ্বুটিং কৰা হৈছিল।
এতিয়া শিৱসেনাৰ সাংসদ নৰেশ ম্হাস্কে কুনাল কামৰাক মুকলি ভাবুকি দিছে। তেওঁ কৈছে যে কুনাল কামৰাক কেৱল মহাৰাষ্ট্ৰতে নহয়, ভাৰততো ঘূৰি ফুৰিবলৈ দিয়া নহ’ব।
থানে লোকসভাৰ সাংসদ তথা শিৱসেনাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নৰেশ ম্হাস্কে কুনাল কামৰাক মুকলি সকীয়নী দিছে। তেওঁ কয় যে এই ভাড়াতীয়া কমেডিয়ানসকলে আমাৰ ওপৰত মন্তব্য কৰিছে, কিছু টকাৰ বিনিময়ত আমাৰ নেতাৰ ওপৰত মন্তব্য কৰিছে।
কুনাল কামৰা, এতিয়া কেৱল মহাৰাষ্ট্ৰতে নহয় ভাৰততো বিচৰণ কৰিব নোৱাৰিব। আমাৰ শিৱ সৈনিকসকলে আপোনাক আপোনাৰ স্থান দেখুৱাব।
সঞ্জয় ৰাউতৰ কি হৈছে, বেয়া লাগিছে যে আমাৰ নেতাৰ ওপৰত মন্তব্য কৰিবলৈ আপোনাৰ ওচৰত কৰ্মীও নাই । সেইবাবেই আপুনি ভাড়াতীয়া মানুহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
সঞ্জয় ৰাউত, যদি আপোনাৰ সাহস আছে তেন্তে কিবা এটা কওক। ভাড়াতীয়া মানুহক টকা দি এইবোৰ কাম কৰিছে।”
ইফালে শিন্দে ফৈদৰ নেতা ৰাহুল কানালে কুনাল কামৰাৰ বিৰুদ্ধে মুম্বাইৰ খাৰ থানাত এজাহাৰ দাখিল কৰিছে। একনাথ শিন্দেৰ বিৰুদ্ধে কৰা মন্তব্যক লৈও শিৱ সৈনিকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। একনাথ চিন্দেক লৈ ধেমালি কৰি বিপদত কমেডিয়ান কুনাল কামৰা; শিৱসেনাৰ সাংসদে দিলে ধমকি।