এইবাৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ চিন্দেক প্ৰাণে মৰাৰ ভাবুকি দিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ চিন্দেক হত্যা কৰাৰ ভাবুকিৰ এটা গোচৰ ৰুজু কৰা হৈছে।
গোৰেগাঁও আৰক্ষীয়ে এজন অজ্ঞাত ব্যক্তিৰ পৰা এটাইমেইল পাইছিল।ইয়াত, একনাথ চিন্দেৰ বাহনখন বোমা দি উৰুৱাই দিয়াৰো ভাবুকি দিছে দুৰ্বৃত্তই । মন্ত্ৰালয় আৰু জে জে মাৰ্গ আৰক্ষী থানাতো একেধৰণৰ ভাবুকিপূৰ্ণ মেইল পোৱা গৈছে।
উল্লেখ্য যে একনাথ চিন্দে বৰ্তমান দিল্লীৰ ভ্ৰমণত আছে। আজি ৰামলীলী ময়দান অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল উপ মুখ্যমন্ত্ৰী গৰাকী। মেইলটো লাভ কৰাৰ পিছতেই গোৰেগাওঁ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো প্ৰাণে মৰাৰ ধমকি দিয়া হৈছিল। মুম্বাই আৰক্ষীলৈ ফোন কৰি কোনো দুৰ্বৃত্তই দিছিল প্ৰামে মৰাৰ ভাবুকি। অৱশ্যে পিছত আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে ফোন কৰা ব্যক্তি গৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্থ আছিল।