বিজ্ঞানৰ পিছত ভাৰতৰ ভিতৰতে বাণিজ্য শাখাটোৱেই আটাইতকৈ বেছি পছন্দৰ । এই শাখাই স্নাতক হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক বহুতো কেৰিয়াৰ বিকল্প প্ৰদান কৰে । কলা শাখাৰ ছাত্ৰ-ছাত্ৰীতকৈ বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীৰ এটা ডাঙৰ সুবিধা হ’ল যে, তেওঁলোকে বাণিজ্য আৰু কলা দুয়োটা ক্ষেত্ৰতে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে । গতিকে আজি আমি আপোনালোকক কবলৈ ওলাইছো বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰহণ কৰিব পৰা ১০ টা শীৰ্ষ পাঠ্যক্ৰমৰ বিষয়ে, যিয়ে আপোনাৰ কেৰিয়াৰক নতুন দিশ দিব পাৰে ।
বাণিজ্য শাখাত স্নাতক (B.Com)-
B.Com হৈছে আটাইতকৈ জনপ্ৰিয় পাঠ্যক্ৰম যিটো কমাৰ্চৰ বেছিভাগ ছাত্ৰই উচ্চতৰ মাধ্যমিকৰ পিছত বাছি লয় । ইয়াত একাউণ্টিং, ফাইনেন্স, টেক্সেশ্যন আদি বহু বিষয়ত বিশেষায়ন (Specialiazation) কৰিব পাৰি । এই পাঠ্যক্ৰমৰ পিছত আপুনি একাউণ্টিং, বেংকিং আৰু ফাইনেন্স খণ্ডত চাকৰি পাব পাৰে ।
চাৰ্টাৰ্ড একাউণ্টেন্সি (CA)-
প্ৰতিজন কমাৰ্চৰ ছাত্ৰই CA (Chartred Accountant) হোৱাৰ সপোন দেখে । এইটোৱেই হৈছে আটাইতকৈ সুনামধন্য আৰু উচ্চ দৰমহা পোৱা কেৰিয়াৰ বিকল্প । অৱশ্যে এই পাঠ্যক্ৰমটো অলপ প্ৰত্যাহ্বানজনক । এই পাঠ্যক্ৰম ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আই চি এ আই)ৰ দ্বাৰা পৰিচালিত হয় ।
কষ্ট এণ্ড মেনেজমেন্ট একাউণ্টেন্সি (CMA)-
কষ্ট একাউন্চিং আৰু বিত্তীয় ব্যৱস্থাপনাৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ বাবে চি এম এ এটা ভাল পাঠ্যক্ৰম । এই পাঠ্যক্ৰমটো আই চি এ আইৰ দ্বাৰা পৰিচালিত হয় । এই পাঠ্যক্ৰমৰ পিছত আপুনি কৰ্পৰেট কৌশল আৰু বিত্তীয় ব্যৱস্থাপনাৰ ক্ষেত্ৰত কাম কৰিব পাৰে ।
অৰ্থনীতিত স্নাতক (B.Econ)-
যদি আপুনি অৰ্থনীতিৰ প্ৰতি আগ্ৰহী, তেন্তে উচ্চতৰ মাধ্যমিকৰ পিছত B.Econ পাঠ্যক্ৰম কৰিব পাৰে । ইয়াত আপোনাক অৰ্থনৈতিক নীতি, পৰিসংখ্যা পদ্ধতি আৰু নীতি বিশ্লেষণৰ বিষয়ে শিকোৱা হয় । ইয়াৰ পিছত আপুনি বিত্তীয় বিশ্লেষক, গৱেষক বা চৰকাৰী বিভাগত কাম কৰিব পাৰে ।
বেচেলৰ অব ফাইনেন্স এণ্ড ইনভেষ্টমেন্ট এনালাইছিচত স্নাতক (BFIA)
যদি আপুনি ষ্টক মাৰ্কেট আৰু ট্ৰেডিঙৰ প্ৰতি আগ্ৰহী, তেন্তে এই পাঠ্যক্ৰমটো আপোনাৰ বাবে ভাল । এই পাঠ্যক্ৰমৰ পিছত আপুনি বিনিয়োগ বেংকিং, বিত্তীয় বিশ্লেষণ আৰু ষ্টক ট্ৰেডিঙত কেৰিয়াৰ গঢ়িব পাৰিব ।
বেচেলৰ অব ফাইনেন্সিয়েল মাৰ্কেটত স্নাতক (BFM)
এই পাঠ্যক্ৰমত বিত্তীয় বজাৰ, নিৰাপত্তা ব্যৱসায় আৰু বিনিয়োগ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আপুনি বেংকিং খণ্ড, বিত্তীয় পৰামৰ্শদাতা আৰু বিনিয়োগ কোম্পানীত কাম কৰিব পাৰে ।
বেচেলৰ অব বেকিং এণ্ড ইঞ্চুৰেন্স (BBI)
যদি আপুনি বেংকিং খণ্ডত কাম কৰিব বিচাৰে তেন্তে এই পাঠ্যক্ৰমটো আপোনাৰ বাবে উপযুক্ত । এই পাঠ্যক্ৰমত আপোনাক বেংকিং অপাৰেচন, ৰিস্ক মেনেজমেণ্ট আৰু বীমা পলিচিৰ বিষয়ে শিকোৱা হয় ।
ব্যৱসায়িক ব্যৱস্থাপনাত স্নাতক (BBM)-
যদি আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে বি বি এম পাঠ্যক্ৰম আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে । এই পাঠ্যক্ৰমত নেতৃত্ব, সিদ্ধান্ত গ্ৰহণ আৰু সাংগঠনিক ব্যৱস্থাপনা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।
বেচেলৰ অব বিজিনেচ এডমিনিষ্ট্ৰেশ্যনত স্নাতক (BBA)
যদি আপুনি কৰ্পৰেট খণ্ডত কেৰিয়াৰ গঢ়িব বিচাৰে তেন্তে বি বি এ এটা ভাল বিকল্প । এই পাঠ্যক্ৰমত আপোনাক বিপণন, বিত্ত, মানৱ সম্পদ আৰু উদ্যোগীকৰণৰ বিষয়ে তথ্য দিয়া হয় ।