টীম ইণ্ডিয়াৰ প্ৰতিভাৱান খেলুৱৈ সঞ্জু চেমছন সম্প্ৰতি সুন্দৰ ফৰ্মত আছে । যোৱা টি-২০ খেলখনত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰা ২৯ বছৰীয়া বেটছমেনগৰাকীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে উজ্জ্বল বেটিং কৰিও শতক অৰ্জন কৰিছে । ইয়াৰ পিছত তেওঁ ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।
কেৱল এয়াই নহয়, টি-২০ ফৰ্মেটত সৰ্বাধিক ৭০০০ ৰান সংগ্ৰহ কৰা ভাৰতৰ সপ্তমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে সঞ্জু চেমছন । এটা বিশেষ বিষয়ত তেওঁ প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পাৰ অভিলেখ স্পৰ্শ কৰিছে । ৰবিনে ২৬৯টা ইনিংছত ৭০০০ ৰান সংগ্ৰহ কৰিছিল । আনহাতে সঞ্জুৱেও এই বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ ২৬৯টা ইনিংছ খেলিছে ।
ধোনীক অতিক্ৰম কৰিলে চেমছনে-
টি-২০ ক্ৰিকেটত সৰ্বাধিক ৭০০০ ৰান সংগ্ৰহ কৰি এম এছ ধোনীক পিছ পেলাইছে সঞ্জু চেমছনে । এই অভিলেখ গঢ়িবলৈ ধোনীয়ে ৩০৫ টা ইনিংছ খেলিছিল । আনহাতে সঞ্জুৱে মাত্ৰ ২৬৯ টা ইনিংছত এই ডাঙৰ সফলতা অৰ্জন কৰিছে ।
কে এল ৰাহুলৰ নামত আছে এক বিশেষ অভিলেখ-
ভাৰতৰ হৈ টি-২০ ক্ৰিকেটত সৰ্বাধিক ৭০০০ ৰান সংগ্ৰহৰ বিশেষ কৃতিত্ব বৰ্তমানৰ বেটছমেন কে এল ৰাহুলৰ নামত লিপিবদ্ধ আছে । ৰাহুলে ১৯১ টা ইনিংছ খেলি ৭০০০ ৰান সংগ্ৰহৰ অভিলেখ গঢ়ে ।
শীৰ্ষ ছয়ৰ ভিতৰত আছে এইসকল কিংবদন্তি-
ৰাহুলৰ পিছতে দ্বিতীয় স্থানত বিৰাট কোহলী (২১২), তৃতীয় স্থানত শিখৰ ধাৱান (২৪৬), চতুৰ্থ স্থানত সূৰ্যকুমাৰ যাদৱ (২৪৯), পঞ্চম স্থানত সুৰেশ ৰাইনা (২৫১) আৰু ষষ্ঠ স্থানত ৰোহিত শৰ্মা (২৫৮)ৰ নাম । এতিয়া ৰবিন আৰু সঞ্জু যৌথভাৱে সপ্তম স্থানত আছে ।