১৩ এপ্ৰিল ২০২৫, অৰ্থাৎ আজি জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ১০৬ বছৰীয়া জয়ন্তী । এই ক’লা দিনটোতে ১৯১৯ চনত অমৃতসৰৰ জালিয়ানৱালাবাগত ব্ৰিটিছ সেনাই নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনা কৰিছিল । এই হত্যাকাণ্ডত শ শ লোক শ্বহীদ হোৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হৈছিল । এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামক নতুন গতি প্ৰদান কৰাৰ লগতে বহু বিপ্লৱীক অনুপ্ৰাণিত কৰিছিল । হিন্দী চিনেমাই এই ঘটনাক বিভিন্ন ধৰণেৰে চিত্ৰিত কৰিছিল, যিয়ে দৰ্শকক সেই সময়ৰ যন্ত্ৰণা আৰু ত্যাগৰ সৈতে সংযোগ কৰিছিল । এই ছবিবোৰৰ বিষয়ে জানক…
জালিয়ানৱালা বাগ (১৯৭৭)-
‘জলিয়ানৱালা বাগ’ এখন ঐতিহাসিক ছবি, য’ত প্ৰত্যক্ষভাৱে এই হত্যাকাণ্ডৰ ট্ৰেজেডী দেখুওৱা হৈছে । বলৰাজ তাহৰ দ্বাৰা পৰিচালিত এই ছবিখনত পৰীক্ষত সাহনীয়ে বিপ্লৱী উধম সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল । বিনোদ খান্না, শ্বাবানা আজমী, দীপ্তি নাভালৰ দৰে তাৰকাসকলেও ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । গুলজাৰে এই ছবিখনৰ চিত্ৰনাট্য লিখিছিল । সেই সময়ৰ ক্ষোভ আৰু দেশপ্ৰেমৰ মনোভাৱ ছবিখনত স্পষ্টকৈ দেখা গৈছে ।
গান্ধী (১৯৮২)-
ৰিচাৰ্ড এটেনব’ৰ’ৰ ‘গান্ধী’ এখন বিশ্ববিখ্যাত বায়’পিক, য’ত বেন কিংছলীয়ে মহাত্মা গান্ধীৰ স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল । গান্ধীজীৰ জীৱন আৰু স্বাধীনতা সংগ্ৰামৰ ওপৰত নিৰ্মিত ছবিখনত জালিয়ানৱালা বাগ হত্যাকাণ্ডক এক মৰ্মস্পৰ্শী দৃশ্যৰ মাজেৰে দেখুওৱা হৈছে । এই দৃশ্যটোত ব্ৰিগেডিয়াৰ জেনেৰেল ৰেজিনাল্ড ডায়েৰৰ নিৰ্দেশত নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনাৰ নিষ্ঠুৰতা দেখুওৱা হৈছে । এই ছবিখনে আঠটা অস্কাৰ বঁটা লাভ কৰিছিল ।
শ্বহীদ উধম সিং (২০০০)-
‘শ্বহীদ উধম সিং’ বিপ্লৱী উধম সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত এখন বায়’পিক । ইয়াত ৰাজ বাব্বৰে উধম সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনত জালিয়ানৱালা বাগ হত্যাকাণ্ডক নিজ চকুৰে প্ৰত্যক্ষ কৰা উধম সিঙৰ দৃষ্টিকোণৰ পৰা চিত্ৰিত কৰা হৈছে । ছবিখনৰ পৰিচালক আছিল চিত্ৰাৰ্থ ।
দ্য লিজেণ্ড অব্ ভগত সিংহ (২০০২)-
ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাত নিৰ্মিত ‘দ্য লিজেণ্ড অৱ ভগত সিং’ এখন বায়’পিক ছবি । ইাত অজয় দেৱগনে ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনে ভগত সিঙৰ বিপ্লৱী জীৱনৰ বৰ্ণনা কৰিছে । ছবিখনত জলিয়ানৱালা বাগ হত্যাকাণ্ডক এক গুৰুত্বপূৰ্ণ দৃশ্য হিচাপে দেখুওৱা হৈছে । এই ঘটনাই ভগত সিঙক গভীৰভাৱে প্ৰভাৱিত কৰিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ অনুপ্ৰাণিত কৰিছিল । ছবিখনৰ জলিয়ানৱালা বাগ দৃশ্যটো চুটি যদিও অতি প্ৰভাৱশালী । অজয় দেৱগনৰ শক্তিশালী অভিনয় আৰু ছবিখনৰ কাহিনীয়ে দৰ্শকৰ মাজত জনপ্ৰিয় কৰি তুলিছিল । এই ছবিখনে দুটা ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে ।
ৰং দে বসন্তী (২০০৬)-
ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ‘ৰং দে বসন্তী’ আধুনিক আৰু ঐতিহাসিক যুগৰ সংমিশ্ৰণেৰে নিৰ্মিত এখন ছবি । আমিৰ খান, সিদ্ধাৰ্থ, শ্বাৰ্মান যোশী, কুনাল কাপুৰ আৰু ছোহা আলী খান অভিনীত ছবিখনত জলিয়ানৱালা বাগ হত্যাকাণ্ডক ফ্লেছবেক দৃশ্যৰ জৰিয়তে চিত্ৰিত কৰা হৈছে । ছবিখনৰ যুৱ চৰিত্ৰসমূহে ভগত সিং আৰু তেওঁৰ সতীৰ্থসকলৰ কাহিনী পুনৰ জীৱন্ত কৰি তুলিছে । এই দৃশ্যটো চুটি যদিও ই গভীৰ প্ৰভাৱ পেলাইছে, স্বাধীনতাৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে ।
চৰ্দাৰ উধম (২০২১)-
স্ৰুজিত ছিৰকাৰৰ পৰিচালনাত নিৰ্মিত ‘চৰ্দাৰ উধম’ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত অন্যতম প্ৰভাৱশালী ছবি । ইয়াত বিকি কৌশলে এই হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ ২১ বছৰ ধৰি পৰিকল্পনা কৰা উধম সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনৰ জলিয়ানৱালা বাগ দৃশ্যটো দীঘলীয়া আৰু হৃদয় বিদাৰক, সেইদিনাৰ বৰ্বৰতাক বিতংভাৱে দেখুৱাইছে । ‘চৰ্দাৰ উধম’এ পাঁচটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে অ’টিটি প্লেটফৰ্মতো অত্যন্ত জনপ্ৰিয়তা লাভ কৰে ।