আমি সকলোৱে দৈনন্দিন আহাৰত ধনীয়া ব্যৱহাৰ কৰো। ব্যঞ্জনত ধনীয়া দিলে খাবলৈ সুস্বাদু হয়। কিন্তু কেৱল সোৱাদ বৃদ্ধি কৰাই নহয় ধনীয়াৰ আছে বহুতো ঔষধি গুণ ।
যিসকল লোকৰ হজম শক্তিৰ লগত জড়িত সমস্যা আছে, ধনীয়া পানী সেইসকল লোকৰ বাবে এক আশীৰ্বাদ। ই পেটৰ বিষ আৰু গেছৰ দৰে সমস্যাৰ পৰা উপশম দিয়ে।
যিসকল লোকৰ গাঁঠি বা বাত বিষ হয়, তেওঁলোকে নিয়মীয়াকৈ ধনীয়া পানী খাব লাগে। বিষ কমাবলৈ ই সহায়ক।
ধনীয়া পানী সেৱন কৰিলে ছালৰ ভাল হয়। ইয়াৰ এণ্টিফাংগেল আৰু এণ্টি বেক্টেৰিয়েল গুণ আছে। যিয়ে ছালখন পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰে।
থাইৰয়ড নিয়ন্ত্ৰণ হয়। থাইৰয়ড ৰোগীৰ বাবে ধনীয়াৰ পানী অমৃততকৈ কম নহয় । দৈনিক খালী পেটত খালে থাইৰয়ড নিয়ন্ত্ৰণত সহায়ক হয় ।
পুৱা খালী পেটত ধনীয়া পানী খালে পাচনতন্ত্ৰৰ সমস্যা দূৰ হয় । ইয়াৰ ফলত এচিডিটিৰ সমস্যা ৰোধ হয়, যাৰ ফলত জ্বলন, গেছ আদি সমস্যাৰ সৃষ্টি নহয় ।
ধনীয়া পানী খালে ওজন নিয়ন্ত্ৰণত থাকে । ইয়াত থকা আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে পেটটো দীৰ্ঘ সময় ধৰি ভৰি থাকে, যাৰ ফলত ভোক ৰোধ হয় আৰু লগতে ওজন নিয়ন্ত্ৰণত থাকে ।
মাহেকীয়াৰ সময়ত বিষ আৰু ক্ৰেম্পৰ পৰা উপশম পাবলৈ ধনীয়া পানী সৰ্বোত্তম বিকল্প ।
এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)