আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিয়ে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সৈতে সম্পৰ্ক সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে । কেইবাটাও মতানৈক্যৰ বাবে তেওঁ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ পৰা নিজৰ দেশক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে । ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ এই সিদ্ধান্ত তেওঁৰ সতীৰ্থ আৰু বন্ধু দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আদেশৰ সৈতে সাদৃশ্য আছে । ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাই ২১ জানুৱাৰীত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি WHOৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ।
বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক হ্ৰাস পাব-
বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আন এখন সদস্য দেশৰ বিদায়ে বিশ্ব স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক দুৰ্বল কৰি তুলিব । কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই ২০২৪-২০২৫ চনৰ বাবে আনুমানিক ৬.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ বাজেটৰ ভিতৰত আৰ্জেণ্টিনাৰ পৰা প্ৰায় ৮০ লাখ মাৰ্কিন ডলাৰহে লাভ কৰাৰ আশা কৰা হৈছিল ।
আৰ্জেণ্টিনাৰ যুক্তি-
বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত স্বাস্থ্য ব্যৱস্থাপনাৰ গভীৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি আৰ্জেণ্টিনাই এই সিদ্ধান্ত লোৱা হৈছে বুলি বুয়েনছ আয়াৰ্ছত মুখপাত্ৰ মেনুৱেল আডৰ্ণীয়ে প্ৰকাশ কৰে । তেওঁ কয় যে সেই সময়ত WHO ৰ গাইডলাইনৰ ফলত মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ লকডাউনৰ সৃষ্টি হৈছিল । দেশসমূহক বিশেষ স্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ কোনো কৰ্তৃত্ব WHOৰ নাই । সংস্থাটোৰ নিৰ্দেশনা আৰু পৰামৰ্শসমূহ প্ৰায়ে অৱজ্ঞা কৰা হয় । ইয়াৰ ভিতৰত ক’ভিড-১৯ৰ দৰে স্বাস্থ্য সংকটো অন্তৰ্ভুক্ত । অৱশ্যে মাইলীৰ এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী হ’ব সেই কথা অডৰ্ণীয়ে কোৱা নাই । কাৰো নাম নোলোৱাকৈ তেওঁ লগতে কয় যে কিছুমান দেশৰ ৰাজনৈতিক প্ৰভাৱৰ বাবে WHOৰ স্বাধীনতা হ্ৰাস পাইছে ।
আৰ্জেণ্টিনাৰ ঘোষণা বিবেচনা কৰি আছে: স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থাই কয় যে আৰ্জেণ্টিনাৰ এই ঘোষণাৰ কথা বিবেচনা কৰি আছে । গুৰুতৰ স্বাস্থ্য সংকট, বিশেষকৈ নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইব’লা, এইডছ আৰু মংকী পক্সকে ধৰি বৰ্তমানৰ স্বাস্থ্যজনিত ভাবুকিৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিৰ সমন্বয়ৰ বাবে ডব্লিউ এইচ অ’ হৈছে একমাত্ৰ সংস্থা ।