বলীউডৰ অভিনেত্ৰী টাবু সেই কেইগৰাকী অভিনেত্ৰীৰ ভিতৰত অন্যতম যিয়ে ভাৰতৰ লগতে হলিউডটো নিজৰ অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰিছে।
বলীউডৰ কেইবা ডজন ছবিত কাম কৰা অভিনেত্ৰী টাবুক অতি সোনকালে দক্ষিণৰ এখন ছবিত দেখা যাব।এই ছবিখনত টাবুৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব দক্ষিণৰ তাৰকা বিজয় ছেঠুপাঠীক।
ছবিখনৰ নিৰ্মাতাসকলে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰি ছবিখনৰ ষ্টাৰকাষ্ট সৈতে ফটো শ্বেয়াৰ কৰিছে।তাৰকা দুগৰাকীৰ সাক্ষাৎৰ ফটো এখনৰ সৈতে ছবিখনৰ ঘোষণা কৰা হৈছে ।
উজ্জ্বল হাঁহিৰে টাবুৱে পুৰী জগন্নাধ আৰু চৰমী কৌৰৰ সৈতে পোজ দিলে।ছ’চিয়েল মিডিয়াত এক হৃদয়স্পৰ্শী পৰিচয় দি অভিনেতাগৰাকীক আদৰণি জনায় ছবি নিৰ্মাতাই।
৩০ মাৰ্চত উগাদী উপলক্ষে বিজয় সেঠুপথীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি পুৰি জগন্নাধে নতুন ছবিৰ কথা ঘোষণা কৰে।জুন মাহৰ পৰা শ্বুটিং আৰম্ভ হ’ব বুলিও তেওঁ জনায়।
ফটোখন শ্বেয়াৰ কৰি পুৰী জগন্নাথে লিখিছে, ‘উগাদীৰ এই শুভ দিনটোত চাঞ্চল্যকৰ সহযোগিতাৰে এক নতুন অধ্যায় আৰম্ভ কৰি ডেছিং পৰিচালক পুৰী জগন্নাধ আৰু শক্তিশালী অভিনেতা, সকলো ভাৰতীয় ভাষাতে এক মাষ্টাৰপিছৰ বাবে একত্ৰিত হয়।’
উল্লেখ্য যে টাবুক কিছুদিন পূৰ্বে হলিউডৰ এখন ধাৰাবাহিকত অভিনয়ৰ দক্ষতা দেখুৱাই থকা দেখা গৈছিল।আমেৰিকাৰ ডাঙৰ প্ৰডাকচন হাউচ এইচ বি অ’ৰ ধাৰাবাহিক ‘ডুন প্ৰফেচি’ত টাবুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এতিয়া হলিউডৰ পিছত দক্ষিণৰ এখন ছবিত দেখা যাব টাবুক।