আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৪ বৰ্ষৰ বাবে বঁটা ঘোষণা কৰিছে । ভাৰতৰ স্মৃতি মন্ধানাইয়ো লাভ কৰিছে এক ডাঙৰ বঁটা । ২০২৪ চনৰ আই চি চিৰ মহিলা এদিনীয়া ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে মন্ধানা । ভাৰতীয় মহিলা দলৰ সহ অধিনায়ক স্মৃতিয়ে ২০২৪ বৰ্ষত এদিনীয়া ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । স্মৃতিয়ে চামাৰী আটাপাট্টু (শ্ৰীলংকা), ল’ৰা উলভাৰ্ড আৰু এনাবেল চাথাৰলেণ্ড (অষ্ট্ৰেলিয়া)ক অতিক্ৰম কৰি এই সন্মান লাভ কৰে ।
স্মৃতিৰ বাবে বিশেষ আছিল ২০২৪-
স্মৃতি মন্ধানাই ২০২৪ বৰ্ষত ১৩খন এদিনীয়া খেলৰ ১৩টা ইনিংছত ৭৪৭ ৰান সংগ্ৰহ কৰিছিল, যিটো তেওঁৰ যিকোনো কেলেণ্ডাৰ বৰ্ষৰ সৰ্বোত্তম প্ৰদৰ্শন । এই বাওঁহাতৰ বেটছমেনগৰাকীয়ে ২০২৪ চনত এদিনীয়াত মহিলাৰ ক্ষেত্ৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল । তেওঁৰ পিছতে আছে ল’ৰা উলভাৰ্ড (৬৯৭ ৰান), টেমি বিউমন্ট (৫৫৪ ৰান) আৰু হেলি মেথিউছ (৪৬৯ ৰান) ।
For the second time, one of the leading stars of the game takes out the ICC Women’s ODI Cricketer of the Year award 🌟 pic.twitter.com/LJbgA8OobX
— ICC (@ICC) January 27, 2025
আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰা মাত্ৰ দ্বিতীয়গৰাকী খেলুৱৈ হৈছে স্মৃতি মন্ধানা । এই ক্ষেত্ৰত স্মৃতিয়ে নিউজীলেণ্ডৰ প্ৰাক্তন অধিনায়ক ছুজি বেটছৰ অভিলেখ স্পৰ্শ কৰিছে । ২৮ বছৰীয়া স্মৃতিয়ে ইয়াৰ পূৰ্বে ২০১৮ চনতো এই বঁটা লাভ কৰিছিল ।
মহিলাৰ এদিনীয়াত কেলেণ্ডাৰ বৰ্ষত চাৰিটা শতক অৰ্জন কৰা প্ৰথমগৰাকী বেটছমেন হৈছে স্মৃতি মন্ধানা । ২০২৪ চনৰ ডিচেম্বৰ মাহত পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে । আই চি চিৰ টি-২০ আই ক্ৰিকেটাৰ অৱ দ্য ইয়েৰৰ বাবে চৰ্টলিষ্ট কৰা খেলুৱৈৰ ভিতৰত স্মৃতিও আছিল যদিও নিউজীলেণ্ডৰ আমেলিয়া কেৰৰ হাতত পৰাস্ত হয় স্মৃতি ।