প্ৰতি বছৰে বিশ্বৰ লাখ লাখ লোক মহে কামোৰাৰ ফলত হোৱা ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে অথবা চিকিৎসাধীন হ’ব লগা হয় । কিছুমান দেশত মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ ফলত হোৱা মৃত্যু তাত হোৱা মৃত্যুৰ অন্যতম প্ৰধান কাৰণ । সেইবাবেই মানুহে মহ মাৰিবলৈ বা খেদিলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰে । কিন্তু পৃথিৱীত এখন দেশ আছে য’ত মহ মাৰিব নোৱাৰি !
এতিয়া আপুনি নিশ্চয় ভাবিছে, সেইখন কোনখন দেশ য’ত মহ মাৰিব নোৱাৰি আৰু ইয়াৰ আঁৰৰ কাৰণ কি ? সেই দেশখন হৈছে আইচলেণ্ড আৰু আইচলেণ্ডত মহ মাৰিব নোৱাৰি, কাৰণ ইয়াত মহ নাই ।
জীৱ-জন্তু আৰু মানুহৰ জনসংখ্যা অতি কম-
উত্তৰ আটলাণ্টিক মহাসাগৰত অৱস্থিত আইচলেণ্ডত এটাও মহ নাই । দৰাচলতে মহৰ বাহিৰেও এই দেশত আন বহু জীৱ হেৰাই গৈছে, যিবোৰ সাধাৰণতে পৃথিৱীৰ চুকে-কোণে সহজে দেখা যায় । আইচলেণ্ডত প্ৰায় ১৩০০ প্ৰজাতিৰ প্ৰাণী আছে । লগতে ইয়াত মানুহৰ জনসংখ্যাও বহুত কম ।
চুবুৰীয়া দেশত প্ৰচুৰ পৰিমাণে মহ পোৱা যায়-
আচৰিত কথাটো হ’ল আইচলেণ্ডৰ চুবুৰীয়া দেশ যেনে গ্ৰীণলেণ্ড, স্কটলেণ্ড আৰু ডেনমাৰ্ক মহেৰে ভৰি আছে । এনে পৰিস্থিতিত চিন্তাৰ উদ্ৰেক হয় যে আইচলেণ্ডত মহ কিয় নাই ?
আইচলেণ্ডত নাই কোনো স্থিৰ পানী-
স্থবিৰ অগভীৰ পানীত মহে প্ৰজনন কৰে । য’ত ইহঁতৰ কণী পলুলৈ পৰিণত হয় । ইয়াৰ বাবে সিহঁতক সঠিক উষ্ণতাও প্ৰয়োজন । আইচলেণ্ডৰ পৰিস্থিতি এনেকুৱা যে স্থবিৰ জলভাগ বেছি দিন নাথাকে । তদুপৰি জনসংখ্যা হ্ৰাস পোৱাৰ বাবে ঘৰতো মহৰ অনুকূল পৰিস্থিতি নাই । সেয়েহে ইয়াত মহে প্ৰজনন কৰিব নোৱাৰে ।
অতি কম উষ্ণতাও ইয়াৰ কাৰণ-
তদুপৰি আইচলেণ্ডৰ উষ্ণতা অত্যন্ত কম । ইয়াত তাপমাত্ৰা আনকি -৩৮ ডিগ্ৰী চেলছিয়াছলৈও নামি যায় । এনে পৰিস্থিতিত ইয়াত মহৰ প্ৰজনন বা জীয়াই থকাটো অসম্ভৱ । যদিও মহৰ দৰে দেখাত এটা জীৱ আছে, তথাপিও ই মহৰ পৰা বহুত বেলেগ ।