“আমাৰ বিমান সাজু !” পাকিস্তানক তীব্ৰ কটাক্ষ আইচলেণ্ড ক্ৰিকেটৰ

পাকিস্তান ক্ৰিকেট দলক তীব্ৰ কটাক্ষ আইচলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ ! আইচলেণ্ড ক্ৰিকেটে কয় যে যদি পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা আঁতৰি যায় তেন্তে তেওঁলোকৰ ঠাইত খেলিবলৈ সম্পূৰ্ণৰূপে সাজু ।

আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ক লৈ চলি থকা বিতৰ্কৰ মাজতে আইচলেণ্ড ক্ৰিকেটে পাকিস্তানক লৈ ছ’চিয়েল মিডিয়াত এটা ধেমেলীয়া পোষ্ট শ্বেয়াৰ কৰে । প্ৰতিযোগিতাখনৰ পৰা বাংলাদেশ বাহিৰ হোৱা আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ ভাবুকিৰ বাবে অফ-ফিল্ড ড্ৰামা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সময়ত এই পোষ্টটো কৰিছে আইচলেণ্ডে ।

আইচলেণ্ড ক্ৰিকেটে পাকিস্তানৰ অংশগ্ৰহণক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ প্ৰতি নিজৰ অফিচিয়েল এক্স একাউণ্টৰ জৰিয়তে সঁহাৰি জনাইছিল । ধেমেলীয়া সুৰত আইচলেণ্ড ক্ৰিকেটে কয় যে যদি পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা আঁতৰি যায় তেন্তে তেওঁলোকৰ ঠাইত খেলিবলৈ সম্পূৰ্ণৰূপে সাজু ।

আইচলেণ্ড ক্ৰিকেটে নিজৰ পোষ্টত লিখিছে, “আমাক সঁচাকৈয়ে পাকিস্তানে টি-২০ বিশ্বকাপত খেলিব নে নাই সেই সন্দৰ্ভত সিদ্ধান্তৰ প্ৰয়োজন । ২ ফেব্ৰুৱাৰীত তেওঁলোকে আঁতৰি যোৱাৰ লগে লগে আমি টেক অফৰ বাবে সাজু হৈছো । একমাত্ৰ সমস্যাটো হ’ল ৭ ফেব্ৰুৱাৰীৰ ভিতৰত কলম্বোত উপস্থিত হোৱাৰ বিমানৰ সময়সূচীটো এটা ডাঙৰ সমস্যা । এনেও আমাৰ অপেনিং বেটছমেন টোপনি নহা অসুখত ভোগিছে ।”

আইচিচিক লৈ প্ৰশ্ন উত্থাপন পাকিস্তানৰ-

আইচলেণ্ড ক্ৰিকেটৰ এই ধেমেলীয়া মন্তব্যই ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে । অৱশ্যে এই লঘু কৌতুকৰ আঁৰত এটা গুৰুতৰ বিষয় আছে । শেহতীয়াকৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক প্ৰশ্ন উত্থাপন কৰিছিল । বাংলাদেশে নিৰাপত্তাজনিত চিন্তাৰ উদ্ধৃতি দি ভাৰতলৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছত বাংলাদেশক প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়াৰ সমালোচনা কৰে তেওঁ ।

মহছিন নাকৱীয়ে যুক্তি দিছিল যে বাংলাদেশ আই চি চিৰ পূৰ্ণ সদস্য আৰু পাকিস্তানৰ দৰেই ৰেহাই লাভ কৰিব লাগিছিল । এই প্ৰতিযোগিতাত পাকিস্তানী দলৰ খেলসমূহ শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ কথা । আইচিচিয়ে নিজৰ সিদ্ধান্তৰ পক্ষ লৈ কয় যে আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা সংস্থাৰ প্ৰতিবেদনত ভাৰতত বাংলাদেশী খেলুৱৈ, বিষয়া বা অনুৰাগীৰ বাবে কোনো সুনিৰ্দিষ্ট বা বিশ্বাসযোগ্য ভাবুকি পোৱা নাই । ইয়াৰ পিছতো বাংলাদেশে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ পিছত আইচিচিয়ে ইয়াৰ ঠাইত স্কটলেণ্ডক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰে ।

মহছিন নাকৱীৰ এই বক্তব্যত পাকিস্তানেও শেষ মুহূৰ্তত প্ৰতিযোগিতা বৰ্জন কৰিব পাৰে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হয় । অৱশ্যে পিচিবিয়ে ১৫ জনীয়া পাকিস্তানী দলটো এদিন পিছত ঘোষণা কৰে । জানিব পৰা মতে আইচিচিয়ে পাকিস্তানক স্পষ্টভাৱে সকীয়াই দিছে যে যদি বাংলাদেশৰ দৰে পদক্ষেপ গ্ৰহণ কৰে তেন্তে কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব । এনে যিকোনো সিদ্ধান্তই পাকিস্তানী ক্ৰিকেটত দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

বৰ্তমান পাকিস্তানে ভাৰতত অনুষ্ঠিত হ’ব লগা আইচিচি প্ৰতিযোগিতাত “হাইব্ৰিড মডেল”ৰ অধীনত খেলিব । এইবাৰ দলটোৰ সকলো খেল শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ কথা । মহছিন নাকৱীয়ে ধাৰাবাহিকভাৱে জোৰ দি আহিছে যে বাংলাদেশকো একেধৰণৰ ৰেহাই দিয়া উচিত আছিল । বহুতে তেওঁৰ এই বক্তব্যক ভাৰতৰ ওপৰত পৰোক্ষ কটাক্ষ বুলি ব্যাখ্যা কৰিছে । ভাৰত আৰু পাকিস্তানৰ বহু প্ৰত্যাশিত খেলখন অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : নিউজীলেণ্ডক ‘ক্লীন ছুইপ’ কৰাৰ লক্ষ্য ভাৰতীয় দলৰ, বিশাখাপট্টনমত আজি চতুৰ্থ টি-২০

প্ৰথমবাৰৰ বাবে এইখন দেশত পোৱা গ’ল মহ; কাৰণ জানি চিন্তিত বিজ্ঞানী

চিন্তিত বিজ্ঞানী

আইচলেণ্ড, বিশ্বৰ একমাত্ৰ দেশ য’ত মহ পোৱা নাযায় । এই কথা প্ৰায় সকলোৱে জানে লগতে সাধাৰণ জ্ঞানৰ কিতাপতো এই তথ্য উপলব্ধ । কিন্তু এতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই তথ্য ভুল বুলি প্ৰমাণ কৰিছে । আইচলেণ্ডত প্ৰথমবাৰৰ বাবে পোৱা গৈছে মহ । বিজ্ঞানীসকলে কৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দেশখন পোক-পৰুৱাৰ বাবে পূৰ্বতকৈ অধিক অনুকূল হৈ পৰিছে ।

এতিয়ালৈকে আইচলেণ্ড বিশ্বৰ কেইখনমান দেশৰ ভিতৰত অন্যতম আছিল য’ত মহ পোৱা নগৈছিল । মহ নোপোৱা আনখন ঠাই হ’ল এন্টাৰ্কটিকা ।

ইতিমধ্যে বিজ্ঞানীসকলে ভৱিষ্যদ্বাণী কৰিছিল যে আইচলেণ্ডত জলাশয় আৰু পুখুৰীৰ দৰে প্ৰজনন স্থানৰ প্ৰচুৰতাৰ বাবে মহৰ সৃষ্টি হ’ব পাৰে ।

উত্তৰ গোলাৰ্ধৰ গড় তুলনাত এতিয়া আইচলেণ্ডৰ উষ্ণতা চাৰিগুণ বেছি দ্ৰুতগতিত বৃদ্ধি পাইছে । হিমবাহ গলি গৈছে আৰু দক্ষিণৰ উষ্ণ অঞ্চলত কিছু বিশেষ প্ৰাণীও এতিয়া ইয়াৰ নদী আৰু হ্ৰদসমূহত পোৱা গৈছে ।

পৃথিৱীত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে মহৰ প্ৰজাতি দ্ৰুতগতিত বিয়পি পৰিছে । এই বছৰ ব্ৰিটেইনত Aedes aegypti (ইজিপ্তৰ মহ)ৰ কণী পোৱা গৈছে, আনহাতে কেণ্টত Aedes albopictus (এছিয়ান টাইগাৰ মহ)ৰ নমুনা পোৱা গৈছে । এই সমূহ বিপদজনক প্ৰজাতিয়ে ডেংগু, চিকুনগুনিয়া, জিকা ভাইৰাছ আদি ৰোগ বিয়পাব পাৰে ।

আইচলেণ্ডৰ প্ৰাকৃতিক বিজ্ঞান প্ৰতিষ্ঠানৰ পতংগ বিজ্ঞানী মাথিয়াছ আলফ্ৰেছনে আইচলেণ্ডত এই মহৰ আৱিষ্কাৰ নিশ্চিত কৰিছে । মহ কেইটা তেওঁৰ ওচৰলৈ এজন নাগৰিকে পঠিয়াইছিল, তাৰ পিছত তেওঁ নিজেই ইয়াক চিনাক্ত কৰে ।

এই মহৰ প্ৰজাতিটোৱে ঠাণ্ডা বতৰত জীয়াই থাকিব পাৰে আৰু শীতকালটো গুদাম ঘৰৰ দৰে ঠাইত আশ্ৰয় লৈ কটাব পাৰে ।

লগতে পঢ়ক : ইছৰোৰ বৃহৎ সফলতা; চন্দ্ৰযান ২ য়ে প্ৰথমবাৰৰ বাবে দিলে সূৰ্যৰ প্ৰভাৱৰ তথ্য

এইখন দেশত এটাও মহ মাৰিব নোৱাৰে আপুনি ! কিন্তু কিয়  ?

প্ৰতি বছৰে বিশ্বৰ লাখ লাখ লোক মহে কামোৰাৰ ফলত হোৱা ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে অথবা চিকিৎসাধীন হ’ব লগা হয় । কিছুমান দেশত মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ ফলত হোৱা মৃত্যু তাত হোৱা মৃত্যুৰ অন্যতম প্ৰধান কাৰণ । সেইবাবেই মানুহে মহ মাৰিবলৈ বা খেদিলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰে । কিন্তু পৃথিৱীত এখন দেশ আছে য’ত মহ মাৰিব নোৱাৰি !

এতিয়া আপুনি নিশ্চয় ভাবিছে, সেইখন কোনখন দেশ য’ত মহ মাৰিব নোৱাৰি আৰু ইয়াৰ আঁৰৰ কাৰণ কি ?  সেই দেশখন হৈছে আইচলেণ্ড আৰু আইচলেণ্ডত মহ মাৰিব নোৱাৰি, কাৰণ ইয়াত মহ নাই ।

জীৱ-জন্তু আৰু মানুহৰ জনসংখ্যা অতি কম-

উত্তৰ আটলাণ্টিক মহাসাগৰত অৱস্থিত আইচলেণ্ডত এটাও মহ নাই । দৰাচলতে মহৰ বাহিৰেও এই দেশত আন বহু জীৱ হেৰাই গৈছে, যিবোৰ সাধাৰণতে পৃথিৱীৰ চুকে-কোণে সহজে দেখা যায় । আইচলেণ্ডত প্ৰায় ১৩০০ প্ৰজাতিৰ প্ৰাণী আছে । লগতে ইয়াত মানুহৰ জনসংখ্যাও বহুত কম ।

চুবুৰীয়া দেশত প্ৰচুৰ পৰিমাণে মহ পোৱা যায়-

আচৰিত কথাটো হ’ল আইচলেণ্ডৰ চুবুৰীয়া দেশ যেনে গ্ৰীণলেণ্ড, স্কটলেণ্ড আৰু ডেনমাৰ্ক মহেৰে ভৰি আছে । এনে পৰিস্থিতিত চিন্তাৰ উদ্ৰেক হয় যে আইচলেণ্ডত মহ কিয় নাই ?

আইচলেণ্ডত নাই কোনো স্থিৰ পানী-

স্থবিৰ অগভীৰ পানীত মহে প্ৰজনন কৰে । য’ত ইহঁতৰ কণী পলুলৈ পৰিণত হয় । ইয়াৰ বাবে সিহঁতক সঠিক উষ্ণতাও প্ৰয়োজন । আইচলেণ্ডৰ পৰিস্থিতি এনেকুৱা যে স্থবিৰ জলভাগ বেছি দিন নাথাকে । তদুপৰি জনসংখ্যা হ্ৰাস পোৱাৰ বাবে ঘৰতো মহৰ অনুকূল পৰিস্থিতি নাই । সেয়েহে ইয়াত মহে প্ৰজনন কৰিব নোৱাৰে ।

অতি কম উষ্ণতাও ইয়াৰ কাৰণ-

তদুপৰি আইচলেণ্ডৰ উষ্ণতা অত্যন্ত কম । ইয়াত তাপমাত্ৰা আনকি -৩৮ ডিগ্ৰী চেলছিয়াছলৈও নামি যায় । এনে পৰিস্থিতিত ইয়াত মহৰ প্ৰজনন বা জীয়াই থকাটো অসম্ভৱ । যদিও মহৰ দৰে দেখাত এটা জীৱ আছে, তথাপিও ই মহৰ পৰা বহুত বেলেগ ।