বৰ্তমান বজাৰত সতেজ ফুলকবি দেখিবলৈ পোৱা যায়। ফুলকবিত বহুতো ভিটামিন পোৱাৰ লগতে ই স্বাস্থ্যৰ বাবেও বহু উপকাৰী। ফুলকবিত ভিটামিন চি, ভিটামিন এ, ভিটামিন বি আদি পুষ্টি পোৱা যায়।অৱশ্যে, দৈনিক বন্ধাকবি খোৱাৰ ফলত কিছুমান লোকৰ সমস্যা হ’ব পাৰে।সেয়েহে, কিছুসংখ্যাক লোকক বন্ধাকবি খাবলৈ দিয়া নহয়।
থাইৰইড ৰোগীয়ে খাব নালাগে ফুলকবি– আপোনাৰ যদি থাইৰইডৰ সমস্যা আছে তেনেহলে ভুলটো নাখাব ফুলকবি। ফুলকবি খালে বৃদ্ধি হ’ব পাৰে থাইৰইড। ফুলকবি খোৱাৰ ফলত থাইৰইড গ্লেণ্ডত আয়ডিন ব্যৱহাৰৰ ক্ষমতা কমি যায়। ফুলকবিয়ে বিশেষকৈ টি৩ আৰু টি৪ হৰমনৰ স্তৰক প্ৰভাৱিত কৰিব পাৰে।সেয়ে থাইৰইড ৰোগীয়ে ফুলকবি খাব নালাগে।
গেছ আৰু পেট ফুলাৰ সমস্যা- যিসকল লোকৰ খোৱা-বোৱাৰ ফলত প্ৰায়ে গেছৰ সমস্যা হয় তেনে লোকে ফুলকবি খাব নালাগে। ফুলকবিত কাৰ্বহাইড্ৰেট পোৱা যায় যিয়ে হজমৰ সমস্যা বৃদ্ধি কৰে। সেয়ে হজমৰ সমস্যা থকা লোকে ফুলকবি খাব নালাগে।
তেজ ঘন হয়-– ফুলকবিক পটাছিয়ামৰ উৎস বুলি গণ্য কৰা হয়। গতিকে যিসকল লোকে ফুলকবি অধিক খায় তেওঁলোকৰ তেজ গোট মাৰিব পাৰে । সেয়েহে অত্যাধিক পৰিমাণে ফুলকবি খাব নালাগে।