পেহেলগাম ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদী আছিফ শ্বেখ আদিলৰ ঘৰ বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়া হৈছে। তথ্য অনুসৰি পুলৱামা জিলাৰ আৱন্তিপোৰাৰ ট্ৰাল অঞ্চলৰ মংহামাত সংঘটিত বিস্ফোৰণত সন্ত্ৰাসবাদী আছিফ শ্বেখৰ ঘৰ ধ্বংস কৰা হয়।
আনহাতে, বিজবেহাৰাৰ গুৰি নিবাসী লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আদিলৰ ঘৰো ইতিমধ্যে ভাঙি পেলোৱা হৈছে। খবৰ অনুসৰি ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে চি আৰ পি এফৰ এটা দলে নিশা ট্ৰাল স্থিত আছিফ শ্বেখৰ ঘৰত উপস্থিত হয়।
ঘৰৰ তালাচীৰ সময়ত এটা বাকচৰ ভিতৰত কিছু সন্দেহজনক সামগ্ৰী প্ৰত্যক্ষ কৰিছিল।লগে লগে সেই বিস্ফোৰক সামগ্ৰীক নিষ্ক্ৰিয় কৰা হয় আৰু সেই সময়তে প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ সংঘটিত হয়,যাৰ ফলত আছিফ শ্বেখৰ ঘৰটো ধ্বংস হয়।
ইয়াৰ ফলত কোনো লোক হতাহতি হোৱা নাই।কাৰণ বিস্ফোৰণটোৰ পূৰ্বে অঞ্চলটো সকলো ঘৰ খালী কৰা হৈছিল। তথ্য অনুসৰি ৪২ আৰ আৰৰ অভিযন্তাৰ দলে নিশ্চিত কৰাৰ পিছত ধ্বংস কৰা হয় বাসগৃহ দুটা।