এতিয়া বিবাহৰ বতৰ। সাধাৰণ নাগৰিকৰ পৰা চলচ্চিত্ৰ উদ্যোগলৈকে সকলোতে উঠিছে বিবাহৰ জোৱাৰ। বলীউডৰ এক যুটীয়ে পুনৰ আৱদ্ধ হ’ল বিবাহ পাশত।বলীউডৰ দম্পত্তি অদিতি ৰাও হায়দৰী আৰু সিদ্ধাৰ্থই দ্বিতীয়বাবে বিবাহপাশত আৱদ্ধ হয়।
৪০০ বছৰ পুৰণি এটা মন্দিৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত ৰাজস্থানৰ আলিলা ফৰ্ট বিষাণগড়ত অভ্যৰ্থনা অনুষ্ঠানৰ ফটো পাহৰলৈ আহিছে। সিদ্ধাৰ্থ মালহোত্ৰা আৰু অদিতি ৰাও হায়দৰীয়ে তেওঁলোকৰ দ্বিতীয় বিবাহৰ ফটো সামাজিক শ্বেয়াৰ কৰিছে।
দক্ষিণ ভাৰতীয় বিবাহৰ দৰেই, অদিতিয়ে তেওঁৰ দ্বিতীয় বিবাহৰ বাবেও সব্যসাচীৰ এজোৰ ৰঙা লেহেঙ্গা বাছনি কৰিছিল।এই ৰঙা লেহেঙ্গাত যথেষ্ট সুন্দৰ লাগিছিল।একে সময়তে, সিদ্ধাৰ্থকো মহাৰাজৰ দৰে শ্বেৰৱানী পিন্ধা দেখা গৈছিল।
সিদ্ধাৰ্থ আৰু অদিতি ৰাও হায়দৰীয়ে প্ৰথমে ১৬ ছেপ্টেম্বৰত তেলেংগানাত এটা সৰু অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালে তেওঁলোকৰ সৰল দক্ষিণ ভাৰতীয় বিবাহৰ বাবে শ্ৰী ৰঙ্গনায়কস্বামী মন্দিৰ বাছনি কৰিছিল। বিবাহ অনুষ্ঠানৰ সময়ত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল।
অদিতি ৰাও হায়দৰীক ৰঙা লেহেংগাত অতিকৈ ধুনীয়া দেখা গৈছে। বিভিন্ন অলংকাৰ, গধুৰ গহনা পিন্ধি অদিতিয়ে নিজৰ লুকটো সম্পূৰ্ণ কৰিছে। দম্পতীহালে পথাৰৰ মাজত ফটোশ্বুট কৰিছিল।
ৰাজস্থানত অদিতি-সিদ্ধাৰ্থৰ বিয়াৰ এই ছবিবোৰ নতুন নে পুৰণি সেয়া অৱশ্যে এতিয়াও জনা হোৱা নাই। ফটোবোৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকলে তেওঁলোক দুয়োকে পুনৰ অভিনন্দন জনাইছে।