ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছে । ইফালে, বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে বাংলাদেশ ভ্ৰমণ কৰিব । এই সময়ছোৱাত, তেওঁ হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ বিষয়ে ঢাকাত ভাৰতৰ উদ্বেগ উত্থাপন কৰিব । আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰক উৎখাত কৰাৰ পিছত এইটো ভাৰতৰ পৰা প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ ।
বৈদেশিক সচিব মিছৰীয়ে বাংলাদেশী বিদেশ সচিব মহম্মদ জাশেমুদ্দিনৰ সৈতে বিস্তৃত আলোচনা কৰিব । ইয়াৰ উপৰিও তেওঁ বাংলাদেশৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী মোঃ তৌহিদ হুছেইনকো সাক্ষাৎ কৰাৰ কথা আছে । ভাৰতীয় বৈদেশিক সচিবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক তেওঁৰ প্ৰায় ১২ ঘণ্টাৰ ঢাকা ভ্ৰমণকালত সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি মিশ্ৰীৰ ভ্ৰমণৰ সময়ত বাংলাদেশে ভাৰতে হাছিনাক আশ্ৰয় প্ৰদান কৰাত উদ্বেগ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে । যোৱা মাহত ইউনুছে কৈছিল যে তেওঁৰ চৰকাৰে হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ দাবী কৰিব । আগষ্ট মাহত চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ বাবে হাছিনাই দেশ এৰি যাবলৈ বাধ্য হোৱাৰ পিছতে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক উত্তেজিত হৈ পৰে ।
হাছিনাই ভাৰতত আশ্ৰয় লোৱাৰ মাত্ৰ কেইদিনমান পিছতে অন্তৱৰ্তীকালীন চৰকাৰৰ বাঘজৰী হাতত লৈছিল ইউনুছে । বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ আৰু হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে যোৱা কেইটামান সপ্তাহত দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক উত্তেজনাময় হৈ পৰিছে । যোৱা কেইদিনমানৰ পৰা চুবুৰীয়া দেশখনত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ লগতে মন্দিৰসমূহৰো ক্ষতি কৰা হৈছে । ভাৰতে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।