আলিগড় মুছলিম বিশ্ববিদ্যালয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দিছে এক গুৰুত্বপূৰ্ণ ৰায়দান। আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অক্ষুণ্ণ থাকিব সংখ্যালঘুৰ স্থিতি । উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিচাৰপীঠে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সন্দৰ্ভত ৪-৩ ৰ সংখ্যাগৰিষ্ঠতাৰে ৰায় দিছে।
উচ্চতম ন্যায়ালয়ৰ মতে, বিশ্ববিদ্যালয়ৰ সংখ্যালঘু স্থিতি বৰ্তমানৰ বাবে অক্ষুণ্ণ থাকিব। উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য। যে ২০০৬চনত এলাহাবাদ হাইকৰ্টে সংখ্যালঘুৰ শিক্ষানুষ্ঠান নহয় বুলি দিছিল ৰায়।উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল।
২০১৯ চনত শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ তিনিজন বিচাৰপীঠে বিষয়টো সাতজন ন্যায়াধীশৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। অৱশেষত আজি আলিগড় মুছলিম বিশ্ববিদ্যালয় সংখ্যালঘুৰে শিক্ষানুষ্ঠান বুলি ৰায় দিলে উচ্চতম ন্যায়ালয়ে।৭জন শিক্ষাৰ্থীয়ে আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনত বৰ্তমান আছে ৩৭ হাজাৰ শিক্ষাৰ্থী