ভাৰতৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে।উচ্চতম ন্যায়ালয়ে কৈছে যে দৃষ্টিহীন লোকসকলো এতিয়াৰে পৰা ন্যায়াধীশ হ’ব পাৰিব। আদালতে কৈছে যে দৃষ্টিহীন লোকসকলৰো ন্যায়িক সেৱাত নিযুক্তি লাভ কৰাৰ অধিকাৰ আছে।
এই সন্দৰ্ভত ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে দিব্যাংগতাৰ ভিত্তিত কাকো ন্যায়িক সেৱাৰ পৰা বাদ দিব নোৱাৰি।
উচ্চতম ন্যায়ালয়ে দৃষ্টিহীন লোকসকলক ন্যায়িক সেৱাত নিযুক্তি দিয়াৰ অধিকাৰ বজাই ৰাখিছে। ইয়াৰ লগতে, উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশ ন্যায়িক সেৱাৰ নিয়ম বাতিল কৰিছে।
ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশ ন্যায়িক সেৱাৰ নিয়মাৱলী বাতিল কৰিছে।
যিয়ে দৃষ্টিহীন ব্যক্তিসকলক ন্যায়িক সেৱাত নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত বাধা দিছিল।উচ্চতম ন্যায়ালয়ে ন্যায়িক সেৱাত দৃষ্টিহীন লোকৰ নিযুক্তি সম্পৰ্কীয় সায়ো মোটো গোচৰত ৰায় দিছে।