ই-ৰিক্সাক লৈ প্ৰশাসনে বিভিন্ন সময়ত বিভিন্ন নীতি-নিয়ম প্ৰযোজ্য কৰা দেখিবলৈ পোৱা য়ায়। প্ৰশাসনে এইবাৰ ই-ৰিক্সাৰ বাবে আনিছে কঠোৰ নিৰ্দেশনা। যদিহে কোনো ই-ৰিক্সাচালকে এই নিয়ম অমান্য কৰে, তেন্তে ভৰিব লাগিব জৰিমনা।
কি কি নিয়ম আনিছে প্ৰশাসনে ?
এতিয়াৰ পৰা পৌৰসভাই নিৰ্ধাৰণ কৰি দিয়া পথতহে চলিব পাৰিব ই-ৰিক্সা। নিৰ্দিষ্ট পথতহে চলিব পাৰিব ই-ৰিক্সা। নিচাযুক্ত দ্ৰৱ্য বা সুৰাপান সেৱন কৰি চালকে চলাব নোৱাৰিব ই-ৰিক্সা। চালকৰ আসনৰ কাষত কোনো যাত্ৰীক বহুৱাব নোৱাৰিব। সাধাৰণতে চালকসকলে অধিক ভাড়াৰ আশাত বহু যাত্ৰী কঢ়িয়াই নিয়া দেখিবলৈ পোৱা যায় কিন্তু এতিয়াৰে পৰা নিৰ্দিষ্ট আসনত সিমিত যাত্ৰীকহে উঠাব পাৰিব চালকে। ৫জনতকৈ অধিক যাত্ৰী উঠাব নোৱাৰিব চালকে। প্ৰতিটো সময়ত চালকে ৰাখিব লাগিব অনুজ্ঞাপত্ৰ। অন্যথা ভৰিব লাগিব ৫০০ টকা জৰিমনা । নিৰ্ধাৰিত নিৰিখতকৈ ল’ব নোৱাৰিব অতিৰিক্ত ভাড়া। প্ৰথম ১ কিঃমিঃত ১০ টকা। পৰৱৰ্তী প্ৰতি কিঃমিঃ ৫টকাকৈ ল’ব পাৰিব ভাৰা। য’তে ত’তে যাত্ৰী উঠা-নমা কৰিব নোৱাৰিব। নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা। নগাঁও জিলাৰ ই-ৰিক্সাৰ বাবে পৌৰসভাই জাৰি কৰিলে জাননী।