ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস ২০২৫ : জানক এই দিৱসৰ ইতিহাস, তাৎপৰ্য্য আৰু গুৰুত্ব…

দেশৰ প্ৰশাসনক সুচাৰুৰূপে চলাই ৰখা অসামৰিক সেৱকসকলৰ অৱদান আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিবলৈ প্ৰতি বছৰে ২১ এপ্ৰিলত ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন কৰা হয় । এই দিৱসত অসামৰিক সেৱকসকলৰ পৰ্দাৰ আঁৰৰ প্ৰচেষ্টাক সন্মান জনোৱা হয় যিয়ে ৰাজহুৱা সেৱাই যাতে নাগৰিকৰ মাজলৈ যায় আৰু এক শক্তিশালী ব্যৱস্থা বজাই ৰাখে তাক সুনিশ্চিত কৰে । ২০০৬ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস উদযাপন কৰা হৈছিল ।

ভাৰত চৰকাৰে ২১ এপ্ৰিল দিনটোক ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস হিচাপে বাছি লৈছিল কাৰণ আজিৰ দিনটোতে দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ১৯৪৭ চনত নৱনিযুক্ত প্ৰশাসনিক সেৱাৰ বিষয়াসকলক সম্বোধন কৰিছিল । এই ঐতিহাসিক অনুষ্ঠানটো দিল্লীৰ মেটকাফ হাউচত অনুষ্ঠিত হৈছিল । চৰ্দাৰ পেটেলে অসামৰিক সেৱকসকলক দেশৰ প্ৰশাসনৰ মেৰুদণ্ড বুলি অভিহিত কৰিছিল । ভাষণত তেওঁ অসামৰিক সেৱকসকলৰ বাবে সুশাসনৰ স্বৰ্ণিম নিয়ম আৰু নীতিৰ বিষয়েও ব্যাখ্যা কৰিছিল ।

চৰ্দাৰ বল্লভভাই পেটেলে সেৱকসকলক সম্বোধন কৰি এই কথা কৈছিল-

“অনুশাসনৰ লগতে আপোনালোকে এনে এক দলীয় মনোভাৱ গঢ়ি তুলিব লাগিব, যাৰ অবিহনে কোনো সেৱাৰ কোনো অৰ্থ থাকিব নোৱাৰে । যি সেৱাৰ চুক্তিত আপুনি স্বাক্ষৰ কৰিব আৰু ইয়াৰ মৰ্যাদা, সততা আৰু দুৰ্নীতিমুক্ততা সমগ্ৰ সেৱাৰ সময়ছোৱাত বজাই ৰাখিব, সেই সেৱাৰ অন্তৰ্গত হোৱাটো আপোনালোকৰ গৌৰৱান্বিত সৌভাগ্য বুলি গণ্য কৰিব লাগিব । সৰ্বোপৰি মই আপোনালোকক পৰামৰ্শ দিম যে প্ৰশাসনৰ নিৰপেক্ষতা আৰু দুৰ্নীতিমুক্ততা সম্পূৰ্ণৰূপে বজাই ৰাখিব লাগে । এজন অসামৰিক সেৱকে ৰাজনীতিত অংশ ল’ব নোৱাৰে আৰু কৰিব নালাগে । নতুবা তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হ’ব নালাগে ।”

এই দিৱস উপলক্ষে আই এ এছ এছ’চিয়েশ্যনে টুইট কৰি কয় যে তেওঁলোকে “চৰ্দাৰ পেটেলৰ শক্তিশালী, সেৱাচালিত ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ প্ৰতি নিজকে পুনৰ উৎসৰ্গা কৰিব” ।

আহি গ’ল নতুন SOP, ই-ৰিক্সা চলাচলক লৈ বান্ধি দিলে নিয়ম

ই-ৰিক্সাক লৈ পুনৰ কঠোৰ প্ৰশাসন।পৰিবহন বিভাগে ই-ৰিক্সাৰ বিৰুদ্ধে চলাইছে জোৰদাৰ অভিযান। যিকোনো মুহূৰ্ততে জব্দ হব পাৰে আপোনাৰ ই-ৰিক্সাখন।নিয়ম উলংঘা কৰা ই-ৰিক্সাৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা। বঙাইগাঁৱত ই-ৰিক্সাৰ বিৰুদ্ধে চলিছে অভিযান। প্ৰশাসনে বান্ধি দিলে কেইবাটাও নিয়ম। ই-ৰিক্সা চালকলৈ সতৰ্কবাণী জিলা প্ৰশাসনৰ। ১৭, ২৭ আৰু ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব ই-ৰিক্সা। পুৰণি বঙাইগাঁৱৰ পৰা উত্তৰ শালমৰা হৈ অভয়াপুৰী দেওহাটী তিনিআলীলৈ বন্ধ ই-ৰিক্সাৰ চলাচল। অত্যাধিক কুঁৱলীত দুৰ্ঘটনাৰ সম্ভাৱনা থকাৰ বাবেই এই সিদ্ধান্ত। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই