বাংলাদেশৰ বিত্তীয় কৰ্তৃপক্ষই ইস্কনৰ সৈতে সম্পৰ্কিত ১৭ জন ব্যক্তিৰ বেংক একাউণ্ট এমাহৰ বাবে ফ্ৰীজ কৰিছে । ইয়াত হিন্দু সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি চিন্ময় কৃষ্ণ দাসৰ একাউন্টো অন্তৰ্ভুক্ত আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বাংলাদেশৰ ফাইনেন্সিয়েল ইণ্টেলিজেঞ্চ ইউনিটে বৃহস্পতিবাৰে বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক পৰৱৰ্তী ৩০ দিনৰ বাবে এই একাউণ্টসমূহৰ পৰা লেনদেন বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।
ব্যৱসায়িক একাউণ্টৰ সবিশেষ তিনিদিনৰ ভিতৰত দিব লাগিব-
ইয়াৰ উপৰিও ফাইনেন্সিয়েল ইণ্টেলিজেঞ্চ ইউনিটে এই সোতৰজন ব্যক্তিক তেওঁলোকৰ সকলো ব্যৱসায়িক বেংক একাউণ্টৰ নতুন আৰু আপডেট কৰা তথ্য নিজ নিজ বেংকত তিনিটা কৰ্মদিনৰ ভিতৰত জমা দিবলৈ কয় । বাংলাদেশৰ সনাতনী জাগৰণ জোট সংগঠনৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক সোমবাৰে ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । মঙলবাৰে চট্টগং আদালতে তেওঁক জামিন অস্বীকাৰ কৰি জেললৈ প্ৰেৰণ কৰে । ইয়াৰ পাছতে দাসৰ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত মৃত্যু হয় এজন অধিবক্তাৰ । ইয়াৰ পূৰ্বে চিন্ময় বাংলাদেশৰ ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনা (ISKCON)ৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।
ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰিছে-
ইয়াৰ পূৰ্বে ভাৰত চৰকাৰেও বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা হিংসা আৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাত উদ্বেগ প্ৰকাশ কৰিছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, বাংলাদেশৰ মুখপাত্ৰ ‘সন্মিলিত সনাতনী জোট’ৰ চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ আৰু জামিন অস্বীকাৰ কৰাত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো । বাংলাদেশত চৰমপন্থী উপাদানৰ দ্বাৰা হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত কেইবাটাও আক্ৰমণ চলোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় । আমি বাংলাদেশ কৰ্তৃপক্ষক আহ্বান জনাইছো যে হিন্দু আৰু সকলো সংখ্যালঘুৰ শান্তিপূৰ্ণভাৱে সমাৱেশ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰকে ধৰি সুৰক্ষা নিশ্চিত কৰক । একে সময়তে বাংলাদেশে ভাৰতৰ এই বক্তব্য নাকচ কৰি কৈছিল, ‘এনে ভিত্তিহীন বক্তব্যই তথ্যক ভুলকৈ উপস্থাপন কৰাই নহয়, চুবুৰীয়া দেশ দুখনৰ মাজত বন্ধুত্ব আৰু বুজাবুজিৰ মনোভাৱৰ বিপৰীতো ।’