বৰ্তমান ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত নিউজীলেণ্ডৰ বিৰুদ্ধে ৩খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । ইয়াৰ দ্বিতীয়খন টেষ্ট আজিৰে পৰা (২৪ অক্টোবৰ) পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই খেলখন পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব ।
নিউজীলেণ্ডৰ দলটোৱে এই খেলপথাৰত প্ৰথমখন টেষ্ট খেলিব । চলিত শৃংখলাৰ প্ৰথমখন খেল ১৬ অক্টোবৰৰ পৰা বেংগালুৰুত অনুষ্ঠিত হৈছিল, য’ত ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটো ৮ উইকেটত পৰাস্ত হৈছিল । প্ৰথমখন টেষ্টত জয়লাভ কৰি কিৱি দলটোৱে শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।
ভাৰত আৰু নিউজীলেণ্ডৰ টেষ্ট ইতিহাস-
উল্লেখ্য যে, এতিয়ালৈকে নিউজীলেণ্ডৰ দলটোৱে ভাৰতৰ মাটিত কোনো দ্বিপাক্ষিক টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হোৱা নাই । ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল কিৱি দলটোৱে, য’ত ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাত ২-০ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দলটো । এই ছিৰিজৰ তিনিখন মেচ ড্ৰ’ হৈছিল ।
ইয়াৰ পিছত ১৯৬৫ চনত নিউজীলেণ্ডৰ দলটো ভাৰতলৈ আহিছিল আৰু এইবাৰো এখনো টেষ্টত জয়ী হোৱাৰ সুযোগ পোৱা নাছিল । ভাৰতে ৪ খনীয়া টেষ্ট ছিৰিজত ১-০ ব্যৱধানত জয়লাভ কৰিছিল । ইয়াৰে তিনিখন টেষ্ট ড্ৰ’ হৈছিল । তাৰ পিছত ৪ বছৰৰ পিছত অৰ্থাৎ ১৯৬৯ চনত কিৱি দলটোৱে পুনৰ এবাৰ ভাৰত ভ্ৰমণ কৰিছিল আৰু এইবাৰ ভাৰতৰ মাটিত প্ৰথমখন টেষ্ট জয়ী হৈছিল । এইবাৰ নিউজীলেণ্ডে ৩খনীয়া মেচৰ টেষ্ট শৃংখলা ১-১ ব্যৱধানত সমতা স্থাপন কৰাত সফল হয় । এইবাৰো এখন মেচ ড্ৰ’ হৈছিল ।
যোৱা ছিৰিজত পৰাস্ত হৈছিল নিউজীলেণ্ড দল-
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অন্তিমখন টেষ্ট শৃংখলা ২০২১ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল । এই শৃংখলাটো কেৱল ভাৰতৰ মাটিতহে অনুষ্ঠিত হৈছিল, য’ত নিউজীলেণ্ডে ২ খনীয়া মেচৰ টেষ্ট শৃংখলাত ১-০ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।
ভাৰতত টেষ্ট ছিৰিজত নিউজীলেণ্ডৰ দলৰ অভিলেখ-
মুঠ ছিৰিজ : ১২
ভাৰতৰ জয়লাভ : ১০
নিউজীলেণ্ডৰ জয়লাভ : ০০
ড্ৰ’ : ২
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত সামগ্ৰিক শৃংখলাৰ অভিলেখ-
মুঠ টেষ্ট শৃংখলা : ২৩
ভাৰতৰ জয়লাভ : ১২
নিউজীলেণ্ডৰ জয়লাভ : ৭
ড্ৰ’ : ৪
ভাৰতত টেষ্ট মেচত নিউজীলেণ্ডৰ দলৰ অভিলেখ-
মুঠ টেষ্ট মেচ : ৩৭
ভাৰতৰ জয়লাভ : ১৭
নিউজীলেণ্ডৰ জয়লাভ : ৩
ড্ৰ’ : ১৭
ভাৰত আৰু নিউজীলেণ্ডৰ মাজত সামগ্ৰিক টেষ্ট অভিলেখ-
মুঠ টেষ্ট মেচ : ৬৩
ভাৰত বিজয়ী : ২২
নিউজীলেণ্ড বিজয়ী : ১৪
ড্ৰ’ : ২৭