২০২৪ বৰ্ষটো ভাৰতীয় দবা খেলৰ বাবে এটা ভাল বছৰ আছিল । এইবাৰ FIDE Candidates Tournament আৰু Chess Olympiad ৰ অন্তত বিশ্ব দবা চেম্পিয়নশ্বিপত সগৌৰৱে ভাৰতৰ ত্ৰিৰংগ উৰে । ইয়াৰ পিছতে বছৰটো শেষ হোৱাৰ পূৰ্বে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়ে আন এটা ভাল খবৰ দিছে ।
দেওবাৰে (২৯ ডিচেম্বৰ) ৩৭ বছৰীয়া হাম্পিয়ে ইণ্ডোনেছিয়াৰ আইৰিন সুকান্দাৰক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব ৰেপিড চেছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে । ইয়াৰ পূৰ্বে ২০১৯ চনত জৰ্জিয়াত এই চেম্পিয়নশ্বিপ লাভ কৰিছিল তেওঁ । ইয়াৰ উপৰিও হাম্পিয়ে বহু অভিলেখো গঢ়ি তুলিছে । এই বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে হাম্পিক অভিনন্দন জনায় ।
Congratulations to @humpy_koneru on winning the 2024 FIDE Women’s World Rapid Championship! Her grit and brilliance continues to inspire millions.
— Narendra Modi (@narendramodi) December 29, 2024
This victory is even more historic because it is her second world rapid championship title, thereby making her the only Indian to… https://t.co/MVxUcZimCc pic.twitter.com/nndIak2OvI
হাম্পিৰ নামত এই দুটা আচৰিত অভিলেখ-
ভাৰতৰ এক নম্বৰ মহিলা দবা খেলুৱৈ হাম্পী এতিয়া চীনৰ জু ৱেনজুনৰ পিছত এবাৰতকৈ অধিক এই খিতাপ দখল কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এই অভিলেখ গঢ়া তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ ।
১১ৰ ভিতৰত মুঠ ৮.৫ পইণ্ট লাভ কৰি হাম্পিয়ে খিতাপ দখল কৰে । এই শেষৰখন মেচ যদি ড্ৰ’ হ’লহেঁতেন বা পৰাস্ত হ’লহেঁতেন তেন্তে তেওঁৰ খিতাপ দখলৰ সপোন পূৰণ নহ’লহেঁতেন । এনে পৰিস্থিতিত হাম্পিয়ে শক্তিশালী খেল দেখুৱাই মেচখন আৰু খিতাপ দখল কৰে ।
এই মাহতে ইতিহাস সৃষ্টি কৰিছিল গুকেশে-
পুৰুষৰ শাখাত এই খিতাপ লাভ কৰে ৰাছিয়াৰ ভ’লোডাৰ মুৰ্জিনে । এই খিতাপ জয় কৰি ১৮ বছৰীয়া মুৰ্জিনে ফিডে ৱৰ্ল্ড ৰেপিড চেম্পিয়নশ্বিপ জয় কৰা দ্বিতীয়জন কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এই ক্ষেত্ৰত নোদিৰবেক আব্দুছাটৰভ শীৰ্ষত আছে, যিয়ে ১৭ বছৰ বয়সত খিতাপ দখল কৰিছিল ।
বছৰৰ শেষ মাহত অৰ্থাৎ ডিচেম্বৰ মাহত গুকেশে ইতিহাস সৃষ্টি কৰিছিল । ১২ ডিচেম্বৰতে বিশ্ব চেম্পিয়ন হৈছিল গুকেশ । তেওঁ ডিফেণ্ডিং চেম্পিয়ন তথা চীনৰ দবা মাষ্টাৰ ডিং লিৰেনক পৰাস্ত কৰিছিল । এই খিতাপ জয় কৰাৰ পিছত বিশ্বনাথন আনন্দৰ পিছত বিশ্ব দবা চেম্পিয়ন হোৱা দ্বিতীয়জন ভাৰতীয়ও হৈ পৰে গুকেশ ।