বিশ্ব দবা চেম্পিয়ন হ’ল ১৯ বছৰীয়া দিব্যা দেশমুখ; কনেৰু হাম্পিক কৰিলে পৰাস্ত

বিশ্ব দবা চেম্পিয়ন হ’ল ১৯ বছৰীয়া দিব্যা দেশমুখ

জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত হোৱা FIDE World Cup 2025 ত জয়ী হৈ বিশ্বকাপৰ খিতাপ দখল কৰে দিব্যা দেশমুখে । দুয়োগৰাকী খেলুৱৈৰ মাজত অনুষ্ঠিত হোৱা ক্লাছিকেল মেচসমূহ ড্ৰ’ত সমাপ্ত হয় । শনিবাৰ আৰু দেওবাৰে অনুষ্ঠিত হোৱা ক্লাছিকেল মেচখনত গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়ে নতুন দবা তাৰকা দিব্যা দেশমুখক অগ্ৰগতি লাভ কৰাত বাধা দিয়ে । ক্লাছিকেল মেচখন ১-১ ব্যৱধানত ড্ৰ’ত সমাপ্ত হয় ।

সোমবাৰে খেলা ৰেপিড ৰাউণ্ডত নাগপুৰৰ ১৮ নং বিশ্ব ৰেংকিঙৰ দিব্যাই বগা টুকুৰাৰে আৰম্ভণি কৰে । এই সময়ত তেওঁ আক্ৰমণাত্মকভাৱে খেলে । কিন্তু বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানৰ হাম্পিয়ে মেচখন ড্ৰ’ কৰি মানসিকভাৱে অগ্ৰগতি লাভ কৰে । ৰেপিড ৰাউণ্ডৰ দ্বিতীয়খন খেলত ক’লা টুকুৰাৰে খেলা দিব্যা দেশমুখে আৰম্ভণিৰে পৰাই আধিপত্য বিস্তাৰ কৰিছিল । আনহাতে বিশেষজ্ঞসকলৰ মতে আৰম্ভণিতে কনেৰুৰ বাবে সময় ব্যৱস্থাপনা অলপ কঠিন যেন লাগিছিল আৰু ৰেপিড ৰাউণ্ডৰ দ্বিতীয়খন খেলতো তেওঁ ভুল কৰিছিল ।

চীনক পৰাস্ত কৰি ভাৰত হ’ল চেম্পিয়ন-

উল্লেখ্য যে, দুয়োগৰাকী খেলুৱৈয়ে চাইনিজ ৱাল ভাঙি ফাইনেলত প্ৰৱেশ কৰে । ফিডে বিশ্বকাপৰ নকআউট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ৩৮ বছৰীয়া কনেৰু হাম্পী আৰু ১৯ বছৰীয়া দিব্যা দেশমুখে বহু চীনা খেলুৱৈক পৰাস্ত কৰে । মহিলা শাখাত শীৰ্ষ ১০০ ৰ ভিতৰত আছে চীন । চীনৰ ১৪ৰ পিছত ভাৰতৰ ৯ জন খেলুৱৈ শীৰ্ষ ১০০ ৰ ভিতৰত আছে । কিন্তু ফিডে বিশ্বকাপত কোনেৰু আৰু দিব্যাই চীনৰ শক্তিশালী খেলুৱৈক পৰাস্ত কৰি ভাৰতৰ আধিপত্য প্ৰমাণ কৰে ।

বিজয়ীৰ বাবে ডাঙৰ পুৰস্কাৰৰ ধন-

ফিডে মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেলৰ বিজয়ী দিব্যা দেশমুখে প্ৰায় ৪২ লাখ টকাৰ পুৰস্কাৰ ধন আৰু ৰানাৰ্ছ আপ কোনেৰু হাম্পিয়ে লাভ কৰিব ৩৫০০০ মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৩০ লাখ টকাৰ পুৰস্কাৰ ধন । ইয়াৰ উপৰিও এই খেলুৱৈসকলে অতি সন্মানীয় ‘কেনণ্ডিডেটছ’ প্ৰতিযোগিতালৈয়ো যোগ্যতা অৰ্জন কৰিছে । ভাৰতত দবাৰ বজাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । এনে পৰিস্থিতিত তেওঁলোকে পূৰ্বতকৈ অধিক পৃষ্ঠপোষক পোৱাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক : ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫; ১৪ ছেপ্টেম্বৰত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ

বছৰৰ শেষত ভাল খবৰ…ইতিহাস সৃষ্টি কৰিলে কনেৰু হাম্পিয়ে

২০২৪ বৰ্ষটো ভাৰতীয় দবা খেলৰ বাবে এটা ভাল বছৰ আছিল । এইবাৰ FIDE Candidates Tournament আৰু Chess Olympiad ৰ অন্তত বিশ্ব দবা চেম্পিয়নশ্বিপত সগৌৰৱে ভাৰতৰ ত্ৰিৰংগ উৰে । ইয়াৰ পিছতে বছৰটো শেষ হোৱাৰ পূৰ্বে ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়ে আন এটা ভাল খবৰ দিছে ।

দেওবাৰে (২৯ ডিচেম্বৰ) ৩৭ বছৰীয়া হাম্পিয়ে ইণ্ডোনেছিয়াৰ আইৰিন সুকান্দাৰক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব ৰেপিড চেছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে । ইয়াৰ পূৰ্বে ২০১৯ চনত জৰ্জিয়াত এই চেম্পিয়নশ্বিপ লাভ কৰিছিল তেওঁ । ইয়াৰ উপৰিও হাম্পিয়ে বহু অভিলেখো গঢ়ি তুলিছে । এই বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে হাম্পিক অভিনন্দন জনায় ।

হাম্পিৰ নামত এই দুটা আচৰিত অভিলেখ-

ভাৰতৰ এক নম্বৰ মহিলা দবা খেলুৱৈ হাম্পী এতিয়া চীনৰ জু ৱেনজুনৰ পিছত এবাৰতকৈ অধিক এই খিতাপ দখল কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এই অভিলেখ গঢ়া তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ ।

১১ৰ ভিতৰত মুঠ ৮.৫ পইণ্ট লাভ কৰি হাম্পিয়ে খিতাপ দখল কৰে । এই শেষৰখন মেচ যদি ড্ৰ’ হ’লহেঁতেন বা পৰাস্ত হ’লহেঁতেন তেন্তে তেওঁৰ খিতাপ দখলৰ সপোন পূৰণ নহ’লহেঁতেন । এনে পৰিস্থিতিত হাম্পিয়ে শক্তিশালী খেল দেখুৱাই মেচখন আৰু খিতাপ দখল কৰে ।

এই মাহতে ইতিহাস সৃষ্টি কৰিছিল গুকেশে-

পুৰুষৰ শাখাত এই খিতাপ লাভ কৰে ৰাছিয়াৰ ভ’লোডাৰ মুৰ্জিনে । এই খিতাপ জয় কৰি ১৮ বছৰীয়া মুৰ্জিনে ফিডে ৱৰ্ল্ড ৰেপিড চেম্পিয়নশ্বিপ জয় কৰা দ্বিতীয়জন কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে । এই ক্ষেত্ৰত নোদিৰবেক আব্দুছাটৰভ শীৰ্ষত আছে, যিয়ে ১৭ বছৰ বয়সত খিতাপ দখল কৰিছিল ।

বছৰৰ শেষ মাহত অৰ্থাৎ ডিচেম্বৰ মাহত গুকেশে ইতিহাস সৃষ্টি কৰিছিল । ১২ ডিচেম্বৰতে বিশ্ব চেম্পিয়ন হৈছিল গুকেশ । তেওঁ ডিফেণ্ডিং চেম্পিয়ন তথা চীনৰ দবা মাষ্টাৰ ডিং লিৰেনক পৰাস্ত কৰিছিল । এই খিতাপ জয় কৰাৰ পিছত বিশ্বনাথন আনন্দৰ পিছত বিশ্ব দবা চেম্পিয়ন হোৱা দ্বিতীয়জন ভাৰতীয়ও হৈ পৰে গুকেশ ।