ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে কলকাতা নাইট ৰাইডাৰ্ছক ৪ ৰানত পৰাস্ত কৰে । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হয় । য’ত দুয়োটা দলৰ পৰা বিস্ফোৰক বেটিং দেখা যায় । মেচখনত উত্তেজনা তুংগত আছিল ।
এই খেলখনত লক্ষ্ণৌ দলে প্ৰথম বেটিং কৰি ৩টা উইকেট হেৰুৱা ২৩৮ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত কলকাতা ৪ ৰানৰ বাবে লক্ষ্যৰ পৰা দূৰত থাকে । এইদৰে লক্ষ্ণৌৱে ৫খন মেচত তৃতীয়টো জয় লাভ কৰে । অন্তিম অভাৰত জয়ী হ’বলৈ কলকাতাক প্ৰয়োজন হৈছিল ২৪ ৰানৰ । ৰিংকু সিং আৰু হৰ্ষিত ৰানা ক্ৰীজত আছিল যদিও তেওঁলোকে নিজৰ দলক জয়ী কৰাত ব্যৰ্থ হয় । ৰিংকু সিঙে বিস্ফোৰক বেটিঙেৰে দলক জয়ৰ কাষ চপাই নিছিল যদিও বিফল হয় । ৰবি বিষ্ণোইৰ অভাৰত ৰিংকু আৰু হৰ্ষিতে ১৯ ৰান সংগ্ৰহ কৰে ।
ৰান চেজৰ পিছত দৌৰি কলকাতাই ইনিংছ আৰম্ভ কৰিছিল যদিও অতি সোনকালেই কুইণ্টন ডি ককৰ ৰূপত ডাঙৰ আঘাতৰ সন্মুখীন হয় যিজনক আকাশ দীপে ১৫ ৰানত আউট কৰে । তেতিয়ালৈ কলকাতাৰ স্ক’ৰ আছিল ৩৭ ৰান । ইয়াৰ পাছতে সুনীল নাৰিন আৰু অজিংক্য ৰাহানেই দ্ৰুত গতিত ৰান সংগ্ৰহ কৰি থাকিল । কলকাতা দলে ৬ অভাৰত ৯০ ৰান সংগ্ৰহ কৰে । ৯০ ৰানৰ স্কৰত সুনীল নাৰিন ১৩টা বলত ৩০ ৰান কৰি আউট হয় ।
নাৰিন আউট হোৱাৰ পিছত ভেংকটেশ আয়াৰ আৰু অধিনায়ক অজিংক্য ৰাহানেই ইনিংছৰ দায়িত্ব লয় । ইয়াৰ মাজতে শ্বাৰদুলে ১৩ নং অভাৰত ৫টা ৱাইড বল কৰিছিল যদিও একেটা অভাৰতে ৰাহানেক ৬১ ৰানত আউট কৰি দুয়োৰে মাজৰ ৭১ ৰানৰ অংশীদাৰিত্বৰ অন্ত পেলায় । কিন্তু ৰাহানে আউট হোৱাৰ লগে লগে কে কে আৰৰ উইকেট তাচপাতৰ দৰে খহি পৰে । ৰমনদ্বীপ, অংকৃশ আৰু ৰাছেল কম সময়তে আউট হয় । ৪৫ ৰান সংগ্ৰহ কৰি আউট হয় ভেংকটেশ ।
এটা সময়ত কলকাতাৰ ২টা উইকেটত আছিল ১৬২ ৰান । অধিনায়ক ৰাহানে আউট হোৱাৰ সময়ত এই একেই স্ক’ৰ আছিল । ইয়াৰ পৰাই লক্ষ্ণৌৰ বলাৰসকলে মেচখন দলৰ হাতলৈ আনে । ৰাহানে আউট হোৱাৰ পিছত কে কে আৰৰ উইকেটৰ অবিৰতভাৱে পতন ঘটে । শেষ আশা আছিল ভেংকটেশ আয়াৰ, যি ৪৫ ৰানত আউট হয় । ৰিংকু সিঙক বেটিং কৰিবলৈ অহাৰ সময়লৈকে মেচ প্ৰায় শেষ হৈছিল । আঠ নম্বৰত বেটিং কৰিবলৈ অহা ৰিংকুৱে ১৫টা বলত ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে । হৰ্ষিত ৰাণাই ৯টা বলত ১১ ৰান সংগ্ৰহ কৰে ।
লক্ষ্ণৌৰ ইনিংছ-
এই মেচখনত লক্ষ্ণৌৱে এক সুন্দৰ আৰম্ভণি কৰিছিল । প্ৰথম উইকেটৰ বাবে এইডেন মাৰ্কৰাম আৰু মিচেল মাৰ্ছৰ মাজত ৯৯ ৰানৰ অংশীদাৰিত্ব আছিল । হৰ্ষিত ৰাণাই এইডেন মাৰ্কৰামক ৪৭ ৰানত আউট কৰি প্ৰথমটো ব্ৰেকথ্ৰু প্ৰদান কৰে । মেচখনত কলকাতাৰ বলাৰসকলে সংগ্ৰাম কৰা দেখা গৈছিল । ইয়াৰ পাছত নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছৰ মাজত ৩০টা বলত ৭১ ৰানৰ অংশীদাৰিত্ব হয় ।
আন্দ্ৰে ৰাছেলে মাৰ্ছক আউট কৰে । এই সময়ছোৱাত পুৰানে কে কে আৰৰ হৈ ২১টা বলত নিজৰ ৫০ ৰান সংগ্ৰহ কৰে । এই মেচখনত পণ্টে আব্দুল ছামাদক নিজৰ আগত পঠিয়াইছিল যদিও বিশেষ একো কৰিব নোৱাৰি ৬ ৰান সংগ্ৰহ কৰি আউট হয় । আনহাতে নিকোলাছ পুৰানে ৮৭ ৰাণ (৩৬ বল)ত অপৰাজিত হৈ থাকে । কলকাতা দলৰ পৰা সৰ্বাধিক ২ উইকেট লাভ কৰে হৰ্ষিত ৰাণাই । লক্ষ্ণৌৰ হৈ আৱেশ খান আৰু শ্বাৰদুল ঠাকুৰে ২টাকৈ উইকেট দখল কৰে । আনহাতে ৰবি বিষ্ণয়, দিগবেশ ৰাথি আৰু আভেশ খানে ১টাকৈ সফলতা লাভ কৰে ।