বৰষুণৰ বাবে পৰিত্যক্ত কলকাতা-পঞ্জাবৰ মেচ, লাভ কৰিলে ১-১ পইণ্ট

কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়

সোমবাৰে আই পি এল ২০২৬ৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । বৰষুণে বিধি-পথালি দিয়াত মেচখন বাতিল কৰিবলগীয়া হয় । ফলস্বৰূপে দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰে । কলকাতাৰ ইডেন গাৰ্ডেনত খেলখন অনুষ্ঠিত হৈছিল । টছত জয়ী হৈ কলকাতাই প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । অৱশ্যে বৰষুণ পুনৰ পোৱাৰ পূৰ্বে মাত্ৰ ৩.৪ অভাৰহে খেল হয় । নিশা ১০:৩০ মান বজাত বৰষুণ বন্ধ হয় যদিও সেমেকা মাটিৰ বাবে আম্পায়াৰসকলে মেচ বাতিল কৰাৰ সিদ্ধান্ত লয় ।

খেলখন বাতিল হোৱাৰ ফলত কলকাতাৰ পইণ্ট টেবুলত এটা পইণ্ট সংযোজন হৈছে । এই মেচৰ পূৰ্বে কেকেআৰে প্ৰথমটো জয়ৰ সন্ধানত আছিল, আৰম্ভণিৰ দুয়োখন মেচতে দলটো পৰাস্ত হৈছিল । ইফালে, পঞ্জাব কিংছে দুয়োখন উদ্বোধনী মেচতে জয়লাভ কৰি এতিয়া ৫ পইণ্ট লাভ কৰিছে ৷ পঞ্জাবে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে ।

প্ৰথমে বেটিং কৰি কেকেআৰ বিপৰ্যয়ৰ মুখত পৰে । দ্বিতীয় অভাৰত ফিন এলেনে মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি উইকেট হেৰুৱাই । ইয়াৰ পিছতে কেমেৰুন গ্ৰীন ৪ ৰানত আউট হয় । ৰাহানে আৰু অংকৃশে ইনিংছটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰে যদিও চতুৰ্থ অভাৰত বৰষুণ আহে আৰু মেচ বাতিল কৰিব লগা হয় ।

এই মেচৰ পিছত এতিয়া পঞ্জাবে ৩ খন মেচৰ পৰা ৫ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । ইফালে, ৩খন মেচৰ পৰা ১ পইণ্ট লাভ কৰি অষ্টম স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ ।

লগতে পঢ়ক : গুজৰাটক পৰাস্ত কৰাৰ পিছত চৰ্চাত ৰিয়ান পৰাগৰ বিজয় উদযাপন

আই পি এল ২০২৬ত ছানৰাইজাৰ্ছৰ প্ৰথমটো জয়, ৬৫ ৰানত পৰাস্ত কলকাতা

ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছক ৬৫ ৰানত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে

আই পি এল ২০২৬ৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি হয় । কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছক ৬৫ ৰানত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে । ২২৭ ৰানৰ লক্ষ্য আগত লৈ আয়োজক দলটোৱে ১৬ অভাৰত ১৬১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ।

চলিত ছিজনৰ এয়া আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰথমটো জয় । উল্লেখ্য যে, ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হাতত ৬ উইকেটত পৰাস্ত হয় । কলকাতা নাইট ৰাইডাৰ্ছো মুম্বাই ইণ্ডিয়ানছৰ হাতত ৬ উইকেটত পৰাস্ত হৈছিল । এতিয়া হায়দৰাবাদ দল পুনৰ বিজয় পথলৈ উভতি আহিছে ।

কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ৰান চেজত ফিন এলেনে বিস্ফোৰক আৰম্ভণি কৰে । মাত্ৰ ৭টা বলত ২৮ ৰান সংগ্ৰহ কৰে এলেনে । তেওঁ চাৰিটা চাৰি আৰু দুটা ছয় কোবাই । অৱশ্যে এলেনে নিজৰ ইনিংছ দিঘলীয়া কৰাত ব্যৰ্থ হয় আৰু হৰ্ষ ডুবেই তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । অধিনায়ক অজিংক্য ৰাহানেৰ ইনিংছ ভাল হ’ব বুলি আশা কৰা হৈছিল যদিও তেওঁ ১০টা বলত মাত্ৰ ৮ ৰানহে কৰিবলৈ সক্ষম হয় । এই মেচত কেমেৰুন গ্ৰীণ (২ ৰান)ও ব্যৰ্থ হয় । গ্ৰীণক আউট কৰাৰ সময়ত কলকাতাৰ স্ক’ৰ আছিল ৭৪/৩ ।

অংকৃশ ৰঘুবংশীয়ে দলটোক স্থিৰ কৰিবলৈ চেষ্টা কৰিছিল । তেওঁ ২৭টা বলত পঞ্চাশ ৰান কৰে । অৱশ্যে ৰঘুবংশী অৰ্ধ শতকৰ কিছু সময়ৰ পাছতেই ৰান আউট হয় । ৰঘুবংশীয়ে ২৯টা বলত ৫২ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু দুটা ছয় আছিল । অনুকুল ৰায় শূণ্যতে পেভিলিয়নমুখী হয় । ইয়াৰ পিছত নীতিশ ৰেড্ডীয়ে ইতিমধ্যে ক্ৰীজত থিতাপি লোৱা ৰিংকু সিঙক (৩৫) আউট কৰে ।

ইয়াৰ পিছতে মেচখন সম্পূৰ্ণৰূপে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতৰ পৰা বাহিৰলৈ যায় । সুনীল নাৰিনে (১২ ৰান), ৰমনদীপ সিং (১০ ৰান), বৈভৱ অৰোৰা (৫ ৰান), আৰু বৰুণ চক্ৰৱৰ্তী (০ ৰান) আউট হৈছিল । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ জয়দেৱ উনাদকাটে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । ঈশান মালিংগা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে দুটাকৈ উইকেট দখল কৰে ।

হায়দৰাবাদৰ ইনিংছ-

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৮ উইকেটত ২২৬ ৰান সংগ্ৰহ কৰে । ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই মাত্ৰ ৫.৪ অভাৰত ৮২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । হেডে ২১টা বলত ৪৬ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু তিনিটা ছয় আছিল । হেডৰ উইকেট দখল কৰে কাৰ্তিক ত্যাগীয়ে ।

অধিনায়ক ঈশান কিষাণে ১৪ ৰান সংগ্ৰহ কৰে । নৱম অভাৰত অভিষেককো আউট কৰে মুজাৰাবানীয়ে । অভিষেকে ২১টা বলত ৪৮ ৰান সংগ্ৰহ কৰে, য’ত চাৰিটা ছয় আৰু চাৰিটা চাৰিটা আছিল । অভিষেকক আউট হোৱাৰ সময়ত হায়দৰাবাদৰ স্ক’ৰ আছিল ১১২/৩ ।

ইয়াৰ পিছতে অনিকেত বাৰ্মাই ১ ৰানত অনুকুল ৰয়ৰ হাতত উইকেট বিসৰ্জন দিয়ে । তাৰ পৰা হাইনৰিখ ক্লাচেন আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে পঞ্চম উইকেটৰ বাবে ৮২ ৰানৰ অংশীদাৰিত্ব গঢ়ে । চাৰিটা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৪টা বলত ৩৯ ৰানৰ বৰঙণি আগবঢ়ায় নীতিশে ।

নীতিশ কুমাৰ ৰেড্ডীক আউট হোৱাৰ পিছত সমগ্ৰ দায়িত্ব হাইনৰিখ ক্লাচেনৰ ওপৰত পৰে । ক্লাচেনে নিৰাশ কৰা নাছিল, তেওঁ অৰ্ধ শতক সম্পূৰ্ণ ৰে । ক্লাচেনে ৩৫টা বলত ৫২ ৰান সংগ্ৰহ কৰে । সলিল অৰোৰা (০ ৰান) আৰু শিৱাং কুমাৰ (৪ ৰান) আউট হয় । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ব্লেছিং মুজাৰাবানীয়ে সৰ্বাধিক ৪টা উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ অৰোৰাই দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক : আই পি এলক লৈ বিতৰ্ক; আদালতৰ দুৱাৰত টোকৰ তাৰকা খেলুৱৈৰ

আই পি এলৰ পূৰ্বে বিপদত কলকাতা নাইট ৰাইডাৰ্ছ

এই প্ৰতিযোগিতাৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ দল কলকাতা নাইট ৰাইডাৰ্ছ এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে

আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আৰম্ভ হব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ সংস্কৰণ। ইতিমধ্যে ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটৰ এই উত্তেজনাপূৰ্ণ প্ৰতিযোগিতাৰ ২০২৬ৰ সংস্কৰণৰ বাবে সাজু হৈ উঠিছে আটাইকেইটা দল। লগতে আই পি এলৰ ৰোমাঞ্চকৰ তথা উত্তেজনাৰে ভৰা মেচসমূহ উপভোগৰ বাবে সাজু হৈছে ক্ৰিকেট প্ৰেমী। ইয়াৰ মাজতেই এই প্ৰতিযোগিতাৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ দল কলকাতা নাইট ৰাইডাৰ্ছ এক ডাঙৰ আঘাতৰ সন্মুখীন হৈছে।

জানিব পৰা মতে কলকাতা দলৰ নিৰ্ভৰযোগ্য ফাষ্ট বলাৰ হৰ্ষিত ৰানা এই প্ৰতিযোগিতাৰ ২০২৬ৰ চিজনৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে। আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ এই চিজনৰ পৰা বাহিৰ হ’ব লগা হৈছে ক্ৰিকেটাৰজন । শেহতীয়াকৈ টি-২০ বিশ্বকাপ ২০২৬ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰস্তুতি মেচত আঘাতপ্ৰাপ্ত হৈছিল হৰ্ষিত ।

হৰ্ষিতৰ সোঁ আঁঠুত লিগামেণ্ট ষ্ট্ৰেইন হৈছিল । ফেব্ৰুৱাৰী মাহত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু এতিয়া তেওঁৰ এক দিঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিব । ফলস্বৰূপে তেওঁ আই পি এল ২০২৬ত খেলিব নোৱাৰিব ।

কলকাতাৰ মুখ্য প্ৰশিক্ষক অভিষেক নায়াৰে হৰ্ষিত বাহিৰ হোৱাটোক দলৰ বাবে এক উল্লেখযোগ্য ক্ষতি বুলি অভিহিত কৰে । তেওঁ কয় যে বিগত কেইটামান ছিজনত হৰ্ষিত দলটোৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আহিছে, বিশেষকৈ চেম্পিয়নশ্বিপ ছিজনত তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ । নায়াৰে লগতে স্পষ্ট কৰি দিয়ে যে দলটোৱে এতিয়া নতুন বলাৰৰ সন্ধানত আছে আৰু তেওঁৰ সলনি বলাৰ সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত লোৱা হ’ব ।

লগতে পঢ়ক : আই পি এলৰ এটা ছিজনত সৰ্বাধিক ছয় কোবোৱা শীৰ্ষ ৫ গৰাকী বেটছমেন

বিচিচিআইৰ নিৰ্দেশত কলকাতা নাইট ৰাইডাৰ্ছৰ এক্সন… বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক ৰিলিজ

ভাৰত-বাংলাদেশৰ শেহতীয়া উত্তেজনাৰ প্ৰভাৱ আই পি এলতো পৰা দেখা গৈছে । কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা ৰিলিজ কৰিছে ।

কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা ৰিলিজ কৰিছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) মুস্তাফিজুৰক দলৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে, তাৰ পিছতে কেকেআৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । আই পি এলৰ মিনি নিলামৰ সময়ত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ সৈতে হোৱা তীব্ৰ নিবিদা যুদ্ধৰ পিছত যোৱা মাহত কেকে আৰ-এ মুস্তাফিজুৰক ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল । আই পি এলৰ ইতিহাসত ৩০ বছৰীয়া বেগী বলাৰগৰাকীৰ বাবে এয়া আটাইতকৈ ব্যয়বহুল চুক্তি বুলি প্ৰমাণিত হৈছিল ।

কলকাতা নাইট ৰাইডাৰ্ছৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ‘কেকেআৰে নিশ্চিত কৰিছে যে আই পি এলৰ শাসকীয় সংস্থা হিচাপে বিচিচিআই/আই পি এলে আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ পূৰ্বে মুস্তাফিজুৰ ৰহমানক দলৰ পৰা ৰিলিজ কৰি দিবলৈ ফ্ৰেঞ্চাইজিক নিৰ্দেশ দিছে ।’

বিবৃতিটোত আৰু কোৱা হৈছে যে, “বিচিচিআইৰ নিৰ্দেশ অনুসৰি সকলো প্ৰয়োজনীয় পদ্ধতি আৰু পৰামৰ্শ অনুসৰণ কৰি তেওঁক ৰিলিজ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । আই পি এলৰ নিয়ম অনুসৰি বিচিচিআইয়ে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰতিস্থাপন খেলুৱৈক অন্তৰ্ভুক্ত কৰাৰ অনুমতি দিছে । সবিশেষ পৰৱৰ্তী সময়ত শ্বেয়াৰ কৰা হ’ব ।”

শ্বাহৰুখ খানকো সমালোচনা-

বাংলাদেশত হিন্দু হত্যাৰ পিছত ভাৰতে দেশখনত থকা সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে । তেতিয়াৰ পৰাই আই পি এল ২০২৬ত মুস্তাফিজুৰ ৰহমানৰ অংশগ্ৰহণ সন্দৰ্ভত বিচিচিআইৰ ওপৰত হেঁচা বৃদ্ধি হয় । এই বিষয়ত ৰাজনৈতিক বাক্যবাণো তীব্ৰতৰ হৈ পৰিছে । সাম্প্ৰতিক পৰিস্থিতিত বাংলাদেশী খেলুৱৈগৰাকীক অন্তৰ্ভুক্ত কৰাক লৈ একাংশ শাসকীয় দলৰ নেতাই প্ৰশ্ন উত্থাপন কৰিছে । আনকি এই সমালোচনাই কলকাতা নাইট ৰাইডাৰ্ছৰ গৰাকী তথা বলীউড অভিনেতা শ্বাহৰুখ খানকো সাঙুৰি লৈছে ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা… শ্ৰেয়াছ-ঋষভৰ প্ৰত্যাৱৰ্তন

ইডেনত লক্ষ্ণৌৰ হাতত ৪ ৰাণত পৰাস্ত কলকাতা, পুৰাণ-মাৰ্ছৰ বিধ্বংসী বেটিং

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে কলকাতা নাইট ৰাইডাৰ্ছক ৪ ৰানত পৰাস্ত কৰে । এই খেলখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হয় । য’ত দুয়োটা দলৰ পৰা বিস্ফোৰক বেটিং দেখা যায় । মেচখনত উত্তেজনা তুংগত আছিল ।

এই খেলখনত লক্ষ্ণৌ দলে প্ৰথম বেটিং কৰি ৩টা উইকেট হেৰুৱা ২৩৮ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত কলকাতা ৪ ৰানৰ বাবে লক্ষ্যৰ পৰা দূৰত থাকে । এইদৰে লক্ষ্ণৌৱে ৫খন মেচত তৃতীয়টো জয় লাভ কৰে । অন্তিম অভাৰত জয়ী হ’বলৈ কলকাতাক প্ৰয়োজন হৈছিল ২৪ ৰানৰ । ৰিংকু সিং আৰু হৰ্ষিত ৰানা ক্ৰীজত আছিল যদিও তেওঁলোকে নিজৰ দলক জয়ী কৰাত ব্যৰ্থ হয় । ৰিংকু সিঙে বিস্ফোৰক বেটিঙেৰে দলক জয়ৰ কাষ চপাই নিছিল যদিও বিফল হয় । ৰবি বিষ্ণোইৰ অভাৰত ৰিংকু আৰু হৰ্ষিতে ১৯ ৰান সংগ্ৰহ কৰে ।

ৰান চেজৰ পিছত দৌৰি কলকাতাই ইনিংছ আৰম্ভ কৰিছিল যদিও অতি সোনকালেই কুইণ্টন ডি ককৰ ৰূপত ডাঙৰ আঘাতৰ সন্মুখীন হয় যিজনক আকাশ দীপে ১৫ ৰানত আউট কৰে । তেতিয়ালৈ কলকাতাৰ স্ক’ৰ আছিল ৩৭ ৰান । ইয়াৰ পাছতে সুনীল নাৰিন আৰু অজিংক্য ৰাহানেই দ্ৰুত গতিত ৰান সংগ্ৰহ কৰি থাকিল । কলকাতা দলে ৬ অভাৰত ৯০ ৰান সংগ্ৰহ কৰে । ৯০ ৰানৰ স্কৰত সুনীল নাৰিন ১৩টা বলত ৩০ ৰান কৰি আউট হয় ।

নাৰিন আউট হোৱাৰ পিছত ভেংকটেশ আয়াৰ আৰু অধিনায়ক অজিংক্য ৰাহানেই ইনিংছৰ দায়িত্ব লয় । ইয়াৰ মাজতে শ্বাৰদুলে ১৩ নং অভাৰত ৫টা ৱাইড বল কৰিছিল যদিও একেটা অভাৰতে ৰাহানেক ৬১ ৰানত আউট কৰি দুয়োৰে মাজৰ ৭১ ৰানৰ অংশীদাৰিত্বৰ অন্ত পেলায় । কিন্তু ৰাহানে আউট হোৱাৰ লগে লগে কে কে আৰৰ উইকেট তাচপাতৰ দৰে খহি পৰে ।  ৰমনদ্বীপ, অংকৃশ আৰু ৰাছেল কম সময়তে আউট হয় । ৪৫ ৰান সংগ্ৰহ কৰি আউট হয় ভেংকটেশ ।

এটা সময়ত কলকাতাৰ ২টা উইকেটত আছিল ১৬২ ৰান । অধিনায়ক ৰাহানে আউট হোৱাৰ সময়ত এই একেই স্ক’ৰ আছিল । ইয়াৰ পৰাই লক্ষ্ণৌৰ বলাৰসকলে মেচখন দলৰ হাতলৈ আনে । ৰাহানে আউট হোৱাৰ পিছত কে কে আৰৰ উইকেটৰ অবিৰতভাৱে পতন ঘটে । শেষ আশা আছিল ভেংকটেশ আয়াৰ, যি ৪৫ ৰানত আউট হয় । ৰিংকু সিঙক বেটিং কৰিবলৈ অহাৰ সময়লৈকে মেচ প্ৰায় শেষ হৈছিল । আঠ নম্বৰত বেটিং কৰিবলৈ অহা ৰিংকুৱে ১৫টা বলত ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে । হৰ্ষিত ৰাণাই ৯টা বলত ১১ ৰান সংগ্ৰহ কৰে ।

লক্ষ্ণৌৰ ইনিংছ-

এই মেচখনত লক্ষ্ণৌৱে এক সুন্দৰ আৰম্ভণি কৰিছিল । প্ৰথম উইকেটৰ বাবে এইডেন মাৰ্কৰাম আৰু মিচেল মাৰ্ছৰ মাজত ৯৯ ৰানৰ অংশীদাৰিত্ব আছিল । হৰ্ষিত ৰাণাই এইডেন মাৰ্কৰামক ৪৭ ৰানত আউট কৰি প্ৰথমটো ব্ৰেকথ্ৰু প্ৰদান কৰে । মেচখনত কলকাতাৰ বলাৰসকলে সংগ্ৰাম কৰা দেখা গৈছিল । ইয়াৰ পাছত নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছৰ মাজত ৩০টা বলত ৭১ ৰানৰ অংশীদাৰিত্ব হয় ।

আন্দ্ৰে ৰাছেলে মাৰ্ছক আউট কৰে । এই সময়ছোৱাত পুৰানে কে কে আৰৰ হৈ ২১টা বলত নিজৰ ৫০ ৰান সংগ্ৰহ কৰে । এই মেচখনত পণ্টে আব্দুল ছামাদক নিজৰ আগত পঠিয়াইছিল যদিও বিশেষ একো কৰিব নোৱাৰি ৬ ৰান সংগ্ৰহ কৰি আউট হয় । আনহাতে নিকোলাছ পুৰানে ৮৭ ৰাণ (৩৬ বল)ত অপৰাজিত হৈ থাকে । কলকাতা দলৰ পৰা সৰ্বাধিক ২ উইকেট লাভ কৰে হৰ্ষিত ৰাণাই । লক্ষ্ণৌৰ হৈ আৱেশ খান আৰু শ্বাৰদুল ঠাকুৰে ২টাকৈ উইকেট দখল কৰে । আনহাতে ৰবি বিষ্ণয়, দিগবেশ ৰাথি আৰু আভেশ খানে ১টাকৈ সফলতা লাভ কৰে ।