বৰষুণৰ বাবে পৰিত্যক্ত কলকাতা-পঞ্জাবৰ মেচ, লাভ কৰিলে ১-১ পইণ্ট

বৰষুণৰ বাবে পৰিত্যক্ত কলকাতা-পঞ্জাবৰ মেচ, লাভ কৰিলে ১-১ পইণ্ট

কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় সোমবাৰে আই পি এল ২০২৬ৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । বৰষুণে বিধি-পথালি দিয়াত মেচখন বাতিল

কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়

সোমবাৰে আই পি এল ২০২৬ৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব লগা মেচখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । বৰষুণে বিধি-পথালি দিয়াত মেচখন বাতিল কৰিবলগীয়া হয় । ফলস্বৰূপে দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰে । কলকাতাৰ ইডেন গাৰ্ডেনত খেলখন অনুষ্ঠিত হৈছিল । টছত জয়ী হৈ কলকাতাই প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । অৱশ্যে বৰষুণ পুনৰ পোৱাৰ পূৰ্বে মাত্ৰ ৩.৪ অভাৰহে খেল হয় । নিশা ১০:৩০ মান বজাত বৰষুণ বন্ধ হয় যদিও সেমেকা মাটিৰ বাবে আম্পায়াৰসকলে মেচ বাতিল কৰাৰ সিদ্ধান্ত লয় ।

খেলখন বাতিল হোৱাৰ ফলত কলকাতাৰ পইণ্ট টেবুলত এটা পইণ্ট সংযোজন হৈছে । এই মেচৰ পূৰ্বে কেকেআৰে প্ৰথমটো জয়ৰ সন্ধানত আছিল, আৰম্ভণিৰ দুয়োখন মেচতে দলটো পৰাস্ত হৈছিল । ইফালে, পঞ্জাব কিংছে দুয়োখন উদ্বোধনী মেচতে জয়লাভ কৰি এতিয়া ৫ পইণ্ট লাভ কৰিছে ৷ পঞ্জাবে এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে ।

প্ৰথমে বেটিং কৰি কেকেআৰ বিপৰ্যয়ৰ মুখত পৰে । দ্বিতীয় অভাৰত ফিন এলেনে মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি উইকেট হেৰুৱাই । ইয়াৰ পিছতে কেমেৰুন গ্ৰীন ৪ ৰানত আউট হয় । ৰাহানে আৰু অংকৃশে ইনিংছটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰে যদিও চতুৰ্থ অভাৰত বৰষুণ আহে আৰু মেচ বাতিল কৰিব লগা হয় ।

এই মেচৰ পিছত এতিয়া পঞ্জাবে ৩ খন মেচৰ পৰা ৫ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । ইফালে, ৩খন মেচৰ পৰা ১ পইণ্ট লাভ কৰি অষ্টম স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ ।

লগতে পঢ়ক : গুজৰাটক পৰাস্ত কৰাৰ পিছত চৰ্চাত ৰিয়ান পৰাগৰ বিজয় উদযাপন