কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত এগৰাকী ১১ বছৰীয়া দলিত কিশোৰীক ধৰ্ষণৰ ঘটনাক লৈ বিজেপি চৰকাৰক লক্ষ্য কৰি অপৰাধীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
তেওঁৰ এক্স হেণ্ডেলত হিন্দীতে এটা পোষ্ট দিছে যে বিজেপিৰ দলিত বিৰোধী আৰু নাৰী বিৰোধী মানসিকতাৰ বাবে ৰাজ্যত এনেধৰণৰ অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে।
উল্লেখ্য যে এগৰাকী মুক বধিৰ যুৱতী মংগলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। বুধবাৰে পুৱা এখন পথাৰত অসংযত অৱস্থাত উদ্ধাৰ হয় যুৱতী গৰাকী।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।এই ঘটনাটোৰ পিছত ৰাহুল গান্ধীয়ে লিখিছে যে, ‘উত্তৰ প্ৰদেশৰ ৰামপুৰত ১১ বছৰীয়া দলিত কিশোৰীগৰাকীৰ সৈতে হোৱা এই নৃশংসতা অত্যন্ত লজ্জাজনক আৰু আচৰিত ধৰণৰ’।
‘ইউ পিত অবিৰতভাৱে ঘটি থকা এনে অপৰাধে এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে যে বিজেপি চৰকাৰত দলিত আৰু বিশেষকৈ কন্যা সন্তান সম্পূৰ্ণ অসুৰক্ষিত’।
তেওঁ লগতে লিখিছে যে, ‘এয়া বিজেপিৰ দলিত বিৰোধী আৰু নাৰী বিৰোধী মানসিকতাৰ ফলত অপৰাধী আইন-শৃংখলাৰ প্ৰতি নিৰ্ভীক হৈ পৰিছে আৰু ভুক্তভোগী অসহায়’!
‘কাৰণ, উত্তৰ প্ৰদেশৰ কন্যা সন্তানসকল কিমান দিনলৈ এনে বৰ্বৰতাৰ বলি হৈ থাকিব’। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে কয়, আমাৰ প্ৰশাসনৰ পৰা এটা সাধাৰণ দাবী-দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদান কৰক’।
তাৰ মাজতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে এজন ২৪ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।