ইউক্ৰেইনৰ চুমি চহৰত ৰাছিয়াই এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে। ৰাছিয়াৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণত ২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। আনহাতে ১২ তকৈও অধিক লোক আহত হৈছে।
আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।অৱশ্যে আহতসকলৰ সংখ্যাৰ তথ্য এতিয়াও জানিব পৰা হোৱা নাই।এই আক্ৰমণৰ পিছতে স্থানীয় লোকৰ মাজত আতংক বিয়পি পৰিছে।
ইউক্ৰেইন চহৰখনৰ ভাৰপ্ৰাপ্ত মেয়ৰে দেওবাৰে ৰাছিয়াৰ এই মাৰাত্মক আক্ৰমণৰ খবৰ দিয়ে।জানিব পৰা মতে দেওবাৰে যেতিয়া স্থানীয় বাসিন্দাসকলে ‘পাম দেওবাৰ’ উদযাপন কৰিবলৈ গোট খাইছিল, তেতিয়াই ৰাছিয়াই মাৰাত্মক বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ কৰে।এনে পৰিস্থিতিত তাত উপস্থিত থকা লোকসকল তাত আবদ্ধ হৈ পৰে আৰু আক্ৰমণত নিহত হয়।
প্ৰায় ৩ বছৰ ধৰি চলি থকা যুদ্ধত ইউক্ৰেইন এক ভয়ংকৰ ট্ৰেজেডীৰ সন্মুখীন হৈছে।ইয়াৰ সকলোবোৰ ডাঙৰ চহৰ ধ্বংসাৱশেষ হৈ পৰিছে। এই যুদ্ধত হাজাৰ হাজাৰ সৈনিক আৰু মানুহ নিহত হৈছে।