২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতে ঘোষণা কৰিছে দল । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত খেলিব টিম ইণ্ডিয়াই । আজি ঘোষণা কৰা দললৈ ঘূৰি আহিছে প্ৰবীণ বলাৰ মহম্মদ ছামী । ইংলেণ্ডৰ বিৰুদ্ধে খেলা দেখা যাব ছামীক । সঞ্জু চেমছন, অভিষেক শৰ্মা, তিলক বাৰ্মা আৰু বৰুণ চক্ৰৱৰ্তীয়েও স্থান লাভ কৰিছে দলত । অক্ষৰ পেটেলক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ইফালে হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিঙো টিম ইণ্ডিয়াৰ অংশ ।
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে নিশা এই টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰে । এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীৰ দল পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব । ছামী বহুদিন টিম ইণ্ডিয়াৰ বাহিৰত আছিল । কিন্তু এতিয়া পুনৰ দললৈ ঘূৰি আহিছে নিৰ্ভৰযোগ্য বেগী বলাৰগৰাকী । আঘাতৰ পিছৰে পৰা ছামী ক্ৰিকেটৰ পৰা আঁতৰি আছিল । কিন্তু শেহতীয়া ঘৰুৱা মেচসমূহত তেওঁ ভাল প্ৰদৰ্শন আগবঢ়াইছে । এতিয়া তেওঁ দললৈ প্ৰত্যাৱৰ্তন কৰিছে ।
#TeamIndia's squad for the T20I series against England 🔽
— BCCI (@BCCI) January 11, 2025
Suryakumar Yadav (C), Sanju Samson (wk), Abhishek Sharma, Tilak Varma, Hardik Pandya, Rinku Singh, Nitish Kumar Reddy, Axar Patel (vc), Harshit Rana, Arshdeep Singh, Mohammad Shami, Varun Chakravarthy, Ravi Bishnoi,… https://t.co/eY8LUSspCZ
টিম ইণ্ডিয়াত স্থান লাভ কৰিলে স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু বিষ্ণোই-
ভাৰতে ঘাতক স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণোইক এই শৃংখলাত সুযোগ দিছে । ৱাশ্বিংটন সুন্দৰো এই শৃংখলাৰ বাবে টিম ইণ্ডিয়াৰ অংশ হ’ব । ৰিংকু সিং, তিলক বাৰ্মা আৰু হৰ্ষিত ৰাণাই দলত স্থান লাভ কৰিছে ।
দলৰ বাহিৰত শুভমন-পন্ট আৰু যশস্বী-
শুভমন গীল আৰু ঋষভ পন্টক এই শৃং্খলাৰ পৰা বিৰতি দিছে বি চি চি আইয়ে । এই দুয়োজন খেলুৱৈ টি-২০ দলৰ অংশ নহয় । কিন্তু তেওঁলোকে এদিনীয়া আৰু চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে টিম ইণ্ডিয়াত স্থান দখল কৰিব পাৰে । কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই । যশস্বী জয়ছোৱালো টি-২০ দলৰ অংশ নহয় ।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল :
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ অধিনায়ক), হৰ্ষিত ৰানা, অৰ্শদীপ সিং , মহম্মদ ছামী , বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।