বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰুদ্দিনে কয় যে অন্তৱৰ্তীকালীন চৰকাৰ বা ন্যায়পালিকাই নিষেধাজ্ঞা আৰোপ নকৰালৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব । সোমবাৰে চট্টগ্ৰাম চাৰ্কিট হাউছত নিৰ্বাচনী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰুদ্দিনে কয় যে নিৰ্বাচন আয়োগে সম্পূৰ্ণ স্বাধীনতাৰে কাম কৰে আৰু ইয়াৰ ওপৰত কোনো হেঁচা নাই । আমি নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছো ।
বিগত নির্বাচনত ভুৱা ভোটাৰৰ সৃষ্টি হোৱা বুলি স্বীকাৰ কৰে নির্বাচন আয়ুক্তগৰাকীয়ে ৷ ভোটাৰ পঞ্জীয়ন হ্ৰাস পোৱাৰ কাৰণ ভোট প্ৰক্ৰিয়াৰ প্ৰতি মানুহৰ অবিশ্বাস বাঢ়ি অহা বুলিও তেওঁ কয় । শীঘ্ৰে ভোটাৰ তালিকা আপডেট কৰা হ’ব বুলি ঘোষণা কৰে তেওঁ । অহা ছমাহৰ ভিতৰত ভোটাৰ তালিকা আপডেট কৰা হ’ব বুলিও তেওঁ কয় । এইবাৰ পূৰ্বৰ আৰ্হিত নিৰ্বাচন অনুষ্ঠিত নহ’ব । ৫ আগষ্টৰ পৰা নির্বাচনী বিষয়ত ৰাষ্ট্রীয় ঐকমত্যৰ সৃষ্টি হৈছে ৷ ভোটাৰ তালিকা আপডেট কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিয়ে ।
ভোটাৰৰ বয়সৰ সীমা হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল ইউনুছে-
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শুকুৰবাৰে ভোটদানৰ নূন্যতম বয়স ১৭ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়ায় । ইউনুছে কৈছিল যে যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ থাকিব লাগে । গতিকে মই ভাবো তেওঁলোকৰ বাবে ভোটদানৰ নূন্যতম বয়স ১৭ বছৰ হ’ব লাগে । ইয়াৰ বিৰোধিতা কৰিছিল বাংলাদেশ নেচনেল পাৰ্টিয়ে । বি এন পিয়ে কয় যে ইয়াৰ ফলত নিৰ্বাচন আয়োগৰ ওপৰত হেঁচা বৃদ্ধি পাব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াতো পলম হ’ব পাৰে ।
২০২৬ চনৰ আৰম্ভণিতে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে-
১৬ ডিচেম্বৰত বিজয় দিৱস উপলক্ষে দিয়া ভাষণত ইউনুছে ইংগিত দিছিল যে ২০২৬ চনৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । তেওঁ কৈছিল, ২০২৫ চনৰ শেষৰ পৰা ২০২৬ চনৰ প্ৰথমাৰ্ধৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । ভোটাৰ তালিকা আপডেট হোৱাৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও তেওঁ কৈছিল ।