আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আজি শিয়ালদহ দেৱানী আৰু ফৌজদাৰী আদালতে ৰায়দান কৰে । আদালতে এই গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰে । ২১০ নং আদালত কক্ষত ২:৩০ বজাত এই ৰায় ঘোষণা কৰা হয় । কিন্তু অভিযুক্ত সঞ্জয় ৰয়ে আদালতত এতিয়াও নিজকে দোষী বুলি স্বীকাৰ কৰা নাই ।
সোমবাৰে আদালতত সঞ্জয়ক কথা কোৱাৰ সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে । ইফালে সোমবাৰে আদালতে ঘোষণা কৰিব সঞ্জয় ৰয়ৰ শাস্তি । ভাৰতীয় দণ্ডবিধিৰ ৬৪, ৬৬ আৰু ১০৩(১) ধাৰাত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে সঞ্জয় ৰয়ক ।
১১ নৱেম্বৰৰ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অনিৰ্বান দাসৰ আদালতত শুনানি আৰম্ভ হয় । আদালতৰ নিৰ্দেশত এই গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে । আজি গোচৰৰ শুনানিৰ সময়ত আদালত চৌহদৰ বাহিৰত সমবেত হয় প্ৰতিবাদকাৰী ।
এই শুনানিৰ বাবে শিয়ালদহ আদালত কমপ্লেক্সত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয় । ইয়াৰ উপৰিও কলকাতা আৰক্ষীয়ে প্ৰৱেশ নিয়ন্ত্ৰণ আৰু উপস্থিত সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেইবাটাও বেৰিকেড স্থাপন কৰে ।
বিগত বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালৰ চেমিনাৰ হলত এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল । কলকাতা আৰক্ষীয়ে চি চি টি ভি ফুটেজ আৰু অপৰাধস্থলীৰ পৰা পোৱা প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক ।
কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চি বি আইয়ে গোচৰটো গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই নিজৰ অভিযোগনামাত সঞ্জয় ৰয়ক মূল অভিযুক্ত হিচাপে বিবেচনা কৰি আদালতৰ পৰা মৃত্যুদণ্ডৰ দাবী জনাইছিল ।