আৰ জি কৰ গোচৰত সঞ্জয় ৰয়ক দোষী সাব্যস্ত আদালতৰ, সোমবাৰে ঘোষণা হ’ব শাস্তি…

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আজি শিয়ালদহ দেৱানী আৰু ফৌজদাৰী আদালতে ৰায়দান কৰে । আদালতে এই গোচৰৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰে । ২১০ নং আদালত কক্ষত ২:৩০ বজাত এই ৰায় ঘোষণা কৰা হয় । কিন্তু অভিযুক্ত সঞ্জয় ৰয়ে আদালতত এতিয়াও নিজকে দোষী বুলি স্বীকাৰ কৰা নাই ।

সোমবাৰে আদালতত সঞ্জয়ক কথা কোৱাৰ সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে । ইফালে সোমবাৰে আদালতে ঘোষণা কৰিব সঞ্জয় ৰয়ৰ শাস্তি । ভাৰতীয় দণ্ডবিধিৰ ৬৪, ৬৬ আৰু ১০৩(১) ধাৰাত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে সঞ্জয় ৰয়ক ।

১১ নৱেম্বৰৰ পৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অনিৰ্বান দাসৰ আদালতত শুনানি আৰম্ভ হয় । আদালতৰ নিৰ্দেশত এই গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইতিমধ্যে অভিযোগনামা দাখিল কৰিছে । আজি গোচৰৰ শুনানিৰ সময়ত আদালত চৌহদৰ বাহিৰত সমবেত হয় প্ৰতিবাদকাৰী ।

এই শুনানিৰ বাবে শিয়ালদহ আদালত কমপ্লেক্সত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয় । ইয়াৰ উপৰিও কলকাতা আৰক্ষীয়ে প্ৰৱেশ নিয়ন্ত্ৰণ আৰু উপস্থিত সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে কেইবাটাও বেৰিকেড স্থাপন কৰে ।

বিগত বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ হাস্পতালৰ চেমিনাৰ হলত ​​এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল । কলকাতা আৰক্ষীয়ে চি চি টি ভি ফুটেজ আৰু অপৰাধস্থলীৰ পৰা পোৱা প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক ।

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চি বি আইয়ে গোচৰটো গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই নিজৰ অভিযোগনামাত সঞ্জয় ৰয়ক মূল অভিযুক্ত হিচাপে বিবেচনা কৰি আদালতৰ পৰা মৃত্যুদণ্ডৰ দাবী জনাইছিল ।