ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় বাংগাৰৰ পুত্ৰৰ এটা ভিডিঅ’ বৰ্তমান সময়ত ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যাৰ জড়িয়তে তেঁওৰ বিষয়ে এক আশ্চৰ্য্যকৰ কথা জানিব পৰা গ’ল। কি আছিল এই ভিডিঅ’ত ? জানো আহক সৱিশেষ।
দৰাচলতে এই ভিডিঅ’ আৰিয়নৰ হ’ৰম’ন ৰূপান্তৰৰ যাত্ৰাৰ বিষয়ে আছিল। স্পষ্ট কথাত ক’ব গ’লে সঞ্জয় বাংগাৰৰ পুত্ৰ ল’ৰাৰ পৰা ছোৱালীলৈ ৰূপান্তৰ হোৱাৰ ১০ মাহৰ যাত্ৰাৰ কথা বৰ্ণনা কৰিছিল।
বৰ্তমান এতিয়া আৰিয়ন নহয়, নিজৰ পৰিচয় সলাই নাম ৰাখিলে অনয়া। দেউতাকৰ দৰে আৰিয়নো ক্ৰিকেটেও ক্ৰিকেট খেলুৱৈ। কিন্তু বৰ্তমান সময়ত আৰিয়ন এতিয়া হ’ৰম’ন ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ কৰি নিজৰ লিংগ সলনি কৰিলে আৰু বৰ্তমান আৰিয়নৰ পৰিচয় অনয়া। এই বিষয়ে তেঁও ইষ্টাগ্ৰামত পোষ্ট কৰিছিল যদিও পিছত তেঁও সেই পোষ্টটো ডিলিট কৰে ।
সঞ্জয় বাংগাৰৰ পুত্ৰ আৰিয়নৰ পৰা অনয়া হৈ পৰিল আৰু বৰ্তমান সময়ত তেঁওৰ ফটো আৰু ভিডিঅয়ে ব্যাপক চৰ্চা লাভ কৰিছে। তেঁও ধোনী, বিৰাট কোহলী আৰু দেউতাকৰ সৈতে থকা সময় পোষ্ট কৰে, য’ত তেঁওক এগৰাকী ছোৱালী হিচাপে দেখিবলৈ পোৱা গৈছে। দেউতাকৰ দৰে তেঁওৱো এগৰাকী ক্ৰিকেটাৰ।
এই বিষয়ে অৱগত কৰি তেঁও লিখে, এগৰাকী পেছাদাৰী ক্ৰিকেটাৰ হোৱাৰ যাত্ৰা প্ৰত্যাহ্বান আৰু ত্যাগেৰে ভৰি পৰিছে যদিও তেওঁৰ অফ-ফিল্ড যাত্ৰা নিজৰ প্ৰকৃত পৰিচয়ক আকোৱালি লোৱাটো বেলেগ নাছিল, কিন্তু তেওঁ গৌৰৱান্বিত যে তেওঁ পথটো লৈছে, যিটো আছিল সকলোতকৈ ডাঙৰ বিজয়।
ডিলিট কৰা ইনষ্টাগ্ৰাম পোষ্টটোৰ কেপচনত লিখা আছিল- “পুৱাৰে পৰা খেলপথাৰৰ পৰা আনৰ সন্দেহ আৰু বিচাৰৰ সন্মুখীন হোৱালৈকে প্ৰতিটো পদক্ষেপে শক্তিৰ দাবী কৰি আহিছে। কিন্তু খেলৰ বাহিৰেও মোৰ আন এক যাত্ৰা আছিল।
“মোৰ এই ৰূপ আকোৱালি বাছি লোৱাটো কঠিন আছিল, ক্ৰিকেটৰ বাবে ফিট হৈ থকা আৰু মই যি তাৰ বাবে মই এই সিদ্ধন্ত লোৱাটো সহজ নাছিল। আজি মই যিকোনো স্তৰ বা শিতানত ভালপোৱা খেলখনৰ অংশ হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছো ,কেৱল এজন খেলুৱৈ হিচাপেই নহয় মোৰ প্ৰামাণিক স্বৰূপ হিচাপেও। এই ৰাস্তাটো সহজ নহয়, কিন্তু মোৰ প্ৰকৃত স্বৰূপটো বিচাৰি উলিওৱাটোৱেই হৈছে সকলোতকৈ ডাঙৰ জয়।”
ছ’চিয়েল মিডিয়াত এক সুকীয়া পোষ্টত অনয়াই ‘হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীয়ে’ তেওঁৰ ক্ৰিকেট ক্ষমতাত কেনে প্ৰভাৱ পেলাইছিল সেই বাস্তৱতাৰ বিষয়ে মুকলিকৈ কয়। পোষ্টটোত লিখা আছিল, “HRTত এগৰাকী ট্ৰেন্স মহিলা হিচাপে মোৰ শৰীৰৰ আমূল পৰিৱৰ্তন ঘটিছিল। এসময়ত নিৰ্ভৰ কৰা পেশীৰ ভৰ, শক্তি, পেশীৰ স্মৃতিশক্তি আৰু এথলেটিক ক্ষমতা হেৰুৱাই পেলাইছো। ইমান দিনে ভালপোৱা খেলখন মোৰ পৰা পিছলি গৈছে।”