বহু লোকে কল খাবলৈ ভাল পায়। সহজে পোৱা ফলৰ ভিতৰত কল হৈছে অন্যতম। এই ফল খালে বহু উপকাৰ পোৱা যায়। কিন্তু পকা কলৰ কথা বাদ দি কাঁচ কল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে কি হয় জানেনে?
কাচকলত প্ৰচূৰ পৰিমাণে পটাছিয়াম আছে। বিভিন্ন গৱেষণাত দাবী কৰা হৈছে, কাচকল খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।
তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে কাঁচ কল খোৱাৰ বহু উপকাৰ আছে। আঁহযুক্ত ই পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে, তেজৰ গ্লুক’জৰ মাত্ৰা সুস্থিৰ কৰে।
ওজন নিয়ন্ত্ৰণত সহায় কৰে। পটাছিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰে ভৰপূৰ এইবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।
কাচকলত থাকে এনজাইম, যিয়ে ডায়েৰিয়া আৰু পেটৰ নানা সংক্ৰমণ দূৰ কৰে। সেয়ে ডায়েৰিয়া হ’লে চিকিৎসকসকলে কাচকল খোৱাৰ পৰামৰ্শ দিয়ে।
কাচ কলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ই পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। আঁহে নিয়মিত কোষ্ঠকাঠিন্য ৰোধ কৰে। সামগ্ৰিক আন্ত্ৰিক স্বাস্থ্যৰ বাবে সহায় কৰে।
হজমৰ সমস্যা বা পেট বেয়া হ’লে কাচকল খুব উপকাৰী। কাচকল সিদ্ধ কৰি নিমখ দি খাব পাৰিলে শৰীৰৰ বাবে খুবেই উপকাৰী।
কাচকল বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে সহায়ক। কাচকলত থকা কেলচিয়ামে হাড় মজবুত কৰে। কাচকলত এণ্টি–অক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে।