আমেৰিকাৰ বিখ্যাত জন হপকিন্স বিশ্ববিদ্যালয়ে ভাৰতত নিজৰ কেম্পাছ স্থাপন কৰিব পাৰে । দেওবাৰে মেৰিলেণ্ডৰ বাল্টিমোৰৰ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ (JHU) এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে । জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ৰ’নাল্ড জে. ডেনিয়েলৰ নেতৃত্বত ভাৰতলৈ অহা এই উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোত জে এইচ ইউৰ আভ্যন্তৰীণ ইউনিট গুপ্ত ক্লিনস্কি ইণ্ডিয়া ইনষ্টিটিউট (জি কে আই আই)ৰ বিষয়াসকলো আছিল ।
এই বৈঠকৰ উদ্দেশ্য হৈছে গৱেষণা, শিক্ষা, নীতি আৰু ব্যৱহাৰৰ জৰিয়তে জে এইচ ইউ সম্প্ৰদায়ক ভাৰতীয় অংশীদাৰৰ সৈতে সংযোগ কৰা । এই বৈঠকত উচ্চ শিক্ষা সম্পাদক কে. সঞ্জয় মূৰ্তি, শিক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
আমেৰিকান বিশ্ববিদ্যালয়ৰ সৈতে হোৱা এই বৈঠকত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP 2020)য়ে কঢ়িয়াই অনা পৰিৱৰ্তনশীল সুযোগসমূহৰ ওপৰত আলোকপাত কৰে । ইয়াৰ দ্বাৰা ভাৰতৰ শিক্ষা খণ্ডত অগ্ৰগতিৰ বাট মুকলি হৈছে বুলিও তেওঁ কয় । ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহৰ সৈতে শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে বিশ্বব্যাপী জ্ঞানৰ আদান-প্ৰদানত অৰিহণা যোগোৱাৰ বাবে বিশ্ববিদ্যালয়খনক প্ৰশংসা কৰে ।
শিক্ষামন্ত্ৰীগৰাকীয়ে বিশেষভাৱে দ্বৈত আৰু সংহত ডিগ্ৰী কাৰ্যসূচী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ দুমুখীয়া নিৰৱচ্ছিন্ন গতিশীলতা, তথ্য বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যত প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহত গৱেষণা অংশীদাৰিত্বৰ শলাগ লয় ।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰতিনিধি দলটোৱে ভাৰতত জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপনৰ বাবে সক্ৰিয়ভাৱে আলোচনা কৰে । মন্ত্ৰালয়ে কয় যে ডেনিয়েল আৰু তেওঁৰ দলৰ এই ভ্ৰমণে ভাৰত-আমেৰিকাৰ শৈক্ষিক সহযোগিতাৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে । আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ এই প্ৰতিনিধি দলটোৱে ভাৰতীয় বিশ্ববিদ্যালয়ৰ বিভিন্ন চৌহদ পৰিদৰ্শন কৰিব ।