ইৰাণ সমৰ্থিত হুটী বিদ্ৰোহীৰ বৃহৎ সাফল্য। আমেৰিকান সেনাৰ বিৰুদ্ধে এই সফলতা লাভ কৰিলে হুটীয়ে।
MQ-9 REAPER ড্ৰোণে অহৰ্নিশে য়েমেনৰ হুটীৰ ওপৰত চোৰাংচোৱা কৰি আছিল। এনে এখন ড্ৰোণৰ দাম ৩০ মিলিয়ন ডলাৰ। আৰু তেনে ড্ৰোণকে ধ্বংস কৰিলে হুটীয়ে। জানিব পৰা মতে শুকুৰবাৰে হুটীয়ে ধ্বংস কৰিলে এই ড্ৰোণ।
ইয়াৰ পাছতেই ইজৰাইলৰ দিশে ড্ৰোণ নিক্ষেপ কৰিছে হুটীয়ে। ইফালে ইজৰাইলৰ ডিম’না পাৰমাণৱিক প্ৰকল্পত লাগিছে হাহাকাৰ। চাৰিওফালে শুনিবলৈ পোৱা গৈছে ছাইৰেণৰ শব্দ। ৰেডছিৰ পৰা ইতিমধ্যে মিছাইল নিক্ষেপ কৰা হৈছে ইজৰাইললৈ।
দক্ষিণ ইজৰাইললৈ নিক্ষেপ কৰা হৈছে ক্ৰুজ মিছাইল। বিগত ২৪ ঘণ্টাত ১২০টাকৈ ৰকেটেৰে লক্ষ্য কৰা হৈছে ইজৰাইলক। হিজবুল্লাইও লক্ষ্য কৰিছে ইজৰাইলক হিজবুল্লাৰ ৰকেটে আক্ৰমণ কৰিছে কেইবাখনো চহৰ। হুটী আৰু হিজবুল্লাই ইৰাণৰ সমৰ্থনত ঘেৰাৰ পৰিকল্পনা কৰিছে ইজৰাইলক।