পুনৰ আমেৰিকাৰত এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে। মাজ আকাশতেই ভাগি পৰিল এখন হেলিকপ্টাৰ। নিউয়ৰ্কৰ হাডছন ৰিভাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত ৩ শিশুসহ ৬ জন লোকৰ মৃত্যু হৈছে।
তথ্য দি বিষয়াসকলে কয় যে এই দুৰ্ঘটনাটো লোয়াৰ মানহাটান আৰু জাৰ্চি চিটিৰ মাজত সংঘটিত হৈছে।দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।
নিউয়ৰ্কৰ মেয়ৰ এৰিক এডামছে কয় যে মৃতসকলৰ ভিতৰত পাইলট আৰু পাঁচজনীয়া স্পেনিছ পৰিয়ালো আছে।নিউয়ৰ্ক আৰক্ষী বিভাগে এক্সৰ তথ্য শ্বেয়াৰ কৰি কয় যে, “ৱেষ্ট চাইড হাইৱে আৰু স্প্ৰিং ষ্ট্ৰীটৰ ওচৰৰ হাডছন নদীত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে।”
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে পানীত ডুব যোৱা দেখা গৈছে।দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত আকাশখন ডাৱৰীয়া আছিল।
ঘণ্টাত প্ৰায় ১০ৰ পৰা ১৫ কিলোমিটাৰ বেগত বতাহ বলি আছিল। লগতে পাতল বৰষুণো দি আছিল। বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।