আমেৰিকাৰ কেবাটাও অঞ্চলত হোৱা এক বৃহৎ ধুমুহাত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে । এই তথ্য প্ৰদান কৰি মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে শনিবাৰে কয় যে মিছৌৰীত ধুমুহাৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছে ।
সংস্থাটোৱে জনোৱা মতে, কেইবাজনো লোক আহত হৈছে । শনিবাৰে পুৱা আৰ্কানচাছৰ বিষয়াসকলে জনোৱা মতে, ইণ্ডিপেণ্ডেন্স কাউন্টিত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮খন কাউন্টিত ৫০ জনতকৈ অধিক লোক আহত হয় । আৰ্কানচাছৰ জনসাধাৰণৰ সুৰক্ষা বিভাগে এক বিবৃতিত কয় যে ৰাজ্যখনৰ ১৬খন কাউন্টিত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু গছ-গছনি বাগৰি পৰাৰ বাতৰি পোৱা গৈছে ।
টেক্সাছ পেনহেণ্ডলৰ আমাৰিলো কাউন্টিত ধূলিৰ ধুমুহাৰ সময়ত গাড়ী দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জনায় । ইয়াৰ পূৰ্বে মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে জনোৱা মতে, মিছৌৰীৰ বেকাৰছফিল্ড অঞ্চলত ধুমুহাৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ।
মিছৌৰীৰ বাটলাৰ কাউন্টিৰ ক’ৰনাৰ জিম আকাৰছে জনোৱা মতে, শনিবাৰে পুৱা বেকাৰছফিল্ডৰ পৰা প্ৰায় ১৭৭ মাইল পূবে এটা টৰ্নেডোৱে এটা ঘৰত আঘাত কৰাত এজন লোকৰ মৃত্যু হয় । আকাৰছে কয় যে উদ্ধাৰকাৰীয়ে ঘৰৰ ভিতৰত থকা এগৰাকী মহিলাক বচাবলৈ সক্ষম হয় ।
শনিবাৰে পুৱা ছ’চিয়েল মিডিয়াত মেয়ৰ জ’নাছ এণ্ডাৰছনে জনোৱা মতে, আৰ্কানচাছৰ কেভ চিটি অঞ্চলত পৰৱৰ্তী জাননী নিদিয়ালৈকে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে । ৰাজ্যজুৰি ১৩০ টাতকৈও অধিক জুই জ্বলাৰ ঘটনা সংঘটিত হোৱাৰ বাবে ওকলাহোমাৰ কিছুমান সম্প্ৰদায়ৰ লোকক সেই অঞ্চল এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে ।