কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে ভাৰত চৰকাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘শুল্ক যুদ্ধ’ৰ ভাবুকিৰ প্ৰতি ভাৰতৰ সঁহাৰি স্পষ্ট কৰিবলৈ দাবী জনাইছে।
তেওঁ অভিযোগ উত্থাপন কৰিছে যে সংসদত এই বিষয়ত কোনো আলোচনা হোৱা নাই আৰু বিৰোধী দলৰ সৈতে কোনো ধৰণৰ আলোচনাও হোৱা নাই ।
চিদাম্বৰমে পৰামৰ্শ দিছে যে ভাৰতে সেই দেশসমূহৰ সৈতে একেলগে কাম কৰা উচিত, যিসকলৰ একেধৰণৰ স্বাৰ্থ আছে আৰু ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰিব বিচাৰে।
এই কথাকে লৈ চিদাম্বৰমে সকীয়াই দিছে যে যদি ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত বিভিন্ন শুল্ক আৰোপ কৰে, তেন্তে ক্ষতিগ্ৰস্ত দেশসমূহে অকলেই ইয়াৰ সন্মুখীন হ’ব লাগিব।
এটা সাক্ষাৎকাৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যদি ভাৰত চৰকাৰে অনুভৱ কৰে যে আমেৰিকা কেতিয়াবা আগবাঢ়ি যায় আৰু কেতিয়াবা পিছুৱাই যায়, তেন্তে ইয়াৰ বাবে এক সুনিৰ্দিষ্ট নীতি ৰচনা কৰা উচিত।
তেওঁ কয় যে চৰকাৰৰ নীতি অনিশ্চিত হ’ব নোৱাৰে৷ আমেৰিকাই এখোজ আগুৱাই গ’লে ভাৰতৰ কি প্ৰতিক্ৰিয়া হ’ব? তেওঁ দুখোজ পিছুৱাই গ’লে কি কৰিব ভাৰতে? ইয়াৰ কিছু সুনিৰ্দিষ্ট উত্তৰ চৰকাৰৰ হাতত থকা উচিত।
লগতে তেওঁ কয় যে এনে নীতিক সমগ্ৰ বিশ্বৰ আগত ৰখাৰ প্ৰয়োজন নাই, কিন্তু অন্ততঃ সংসদত ইয়াৰ ওপৰত এটা বক্তব্য দিব লাগে বা বিৰোধী দলৰ সৈতে আলোচনা কৰিব লাগে।
লগতে তেওঁ দাবী কৰে যে চৰকাৰৰ অধিকাংশ মন্ত্ৰী নিজেই এই বিষয়ত অজ্ঞাত। তেওঁ প্ৰশ্ন কৰে যে আমেৰিকাৰ অনিশ্চিত নীতিৰ প্ৰতি সঁহাৰি জনাবলৈ কোনে কৌশল ৰচনা কৰিছে?
তেওঁ কয় যে চৰকাৰে হঠাৎ আৰু অবিবেচক সিদ্ধান্ত গ্ৰহণ কৰিছে, যেনে বাজেট ভাষণত ২% কৰ আঁতৰাই দিয়া হৈছিল আৰু কিছুদিন পূৰ্বে ৬% ডিজিটেল সেৱা কৰ (গুগল কৰ) বিলুপ্ত কৰাৰ কথা ঘোষণা কৰা হৈছে। তেওঁ প্ৰশ্ন কৰে যে চৰকাৰে আৰু কিমান ৰেহাই দিবলৈ ওলাইছে?
চিদাম্বৰমে কয় যে ভাৰতে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে আৰু আন দেশৰ সৈতে হাত মিলাই আমেৰিকাৰ একপক্ষীয় নীতিৰ বিৰোধিতা কৰিব লাগে।
আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি, বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত এই শুল্ক সলনি কৰিব নোৱাৰিব বুলিও তেওঁ কয়।
কানাডাৰ প্ৰধানমন্ত্ৰীৰ উদাহৰণ দি তেওঁ কয় যে তেওঁ নিজৰ দেশৰ সংসদক আস্থাত লৈ ইউৰোপীয় দেশসমূহৰ সৈতে ট্ৰাম্পৰ শুল্ক নীতিক প্ৰতিহত কৰাৰ পৰিকল্পনা কৰিছিল।