‘ইণ্ডিয়া ব্লক যেন ছিন্নভিন্ন হৈ পৰিছে,যদি থাকে তেন্তে সুখী হ’ম…’;বিৰোধী মিত্ৰতাৰ একতাক লৈ পি চিদাম্বৰমৰ প্ৰশ্ন

বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে INDIA ব্লকৰ বৰ্তমান পৰিস্থিতিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, এই মিত্ৰতা এতিয়াও সম্পূৰ্ণৰূপে একত্ৰিত হৈ আছে নে নাই সেই বিষয়ে তেওঁ নিশ্চিত নহয়।তেওঁ কয় যে ইয়াক “মাজতে ফাটি যোৱা” অৰ্থাৎ ই বিভাজিত হোৱা যেন লাগে।

এটা অনুষ্ঠানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কৈছে যে, ‘মৃত্যুঞ্জয় সিং যাদৱে কোৱাৰ দৰে ইণ্ডিয়া মিত্ৰতাৰ ভৱিষ্যত ইমান উজ্জ্বল নহয়’।

‘তেওঁলোকে অনুভৱ কৰে যে মিত্ৰতা এতিয়াও অক্ষত আছে, কিন্তু এই বিষয়ে মই নিশ্চিত নহয়।এইটো কেৱল ছলমান (খুৰছিদ)এ হে উত্তৰ দিব পাৰিব কিয়নো তেওঁ ইণ্ডিয়া মিত্ৰতাৰ বাবে আলোচনা কৰা দলটোৰ অংশ আছিল’।

‘যদি মিত্ৰতা সম্পূৰ্ণ অক্ষত থাকে তেন্তে মই বহুত সুখী হম।কিন্তু দেখা গৈছে যে ই দুৰ্বল হৈ পৰিছে।চিদাম্বৰমে আশা প্ৰকাশ কৰে যে মিত্ৰতাক এতিয়াও যোৰা লগাব পৰা যাব কাৰণ “এতিয়াও সময় আছে”।

চিদাম্বৰমে কয়, ‘মোৰ অভিজ্ঞতা আৰু ইতিহাসৰ অধ্যয়ন অনুসৰি, বিজেপিৰ দৰে শক্তিশালীভাৱে সংগঠিত কোনো ৰাজনৈতিক দল নাই’।

‘ই কেৱল এটা ৰাজনৈতিক দল নহয় বৰঞ্চ ই আন এটা যন্ত্ৰৰ পিছফালে এটা মেচিন আৰু ভাৰতৰ সকলো যন্ত্ৰপাতি দুটা মেচিনে নিয়ন্ত্ৰণ কৰে’।

‘নিৰ্বাচন আয়োগৰ পৰা আৰম্ভ কৰি দেশৰ আটাইতকৈ সৰু থানালৈকে সকলো নিয়ন্ত্ৰণ কৰিব পাৰে।এনে শক্তিসমূহে গণতন্ত্ৰত যিমান পাৰি নিয়ন্ত্ৰণ বিচাৰে।’  

‘আমি ৩-৬ মাহত ধ্বংস হৈ যাম যদি…’; হঠাৎ পি চিদাম্বৰমে মোদী চৰকাৰক দিলে সতৰ্কবাণী

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে ভাৰত চৰকাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘শুল্ক যুদ্ধ’ৰ ভাবুকিৰ প্ৰতি ভাৰতৰ সঁহাৰি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

তেওঁ অভিযোগ উত্থাপন কৰিছে যে সংসদত এই বিষয়ত কোনো আলোচনা হোৱা নাই আৰু বিৰোধী দলৰ সৈতে কোনো ধৰণৰ আলোচনাও হোৱা নাই ।

চিদাম্বৰমে পৰামৰ্শ দিছে যে ভাৰতে সেই দেশসমূহৰ সৈতে একেলগে কাম কৰা উচিত, যিসকলৰ একেধৰণৰ স্বাৰ্থ আছে আৰু ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰিব বিচাৰে।

এই কথাকে লৈ চিদাম্বৰমে সকীয়াই দিছে যে যদি ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত বিভিন্ন শুল্ক আৰোপ কৰে, তেন্তে ক্ষতিগ্ৰস্ত দেশসমূহে অকলেই ইয়াৰ সন্মুখীন হ’ব লাগিব।

এটা সাক্ষাৎকাৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যদি ভাৰত চৰকাৰে অনুভৱ কৰে যে আমেৰিকা কেতিয়াবা আগবাঢ়ি যায় আৰু কেতিয়াবা পিছুৱাই যায়, তেন্তে ইয়াৰ বাবে এক সুনিৰ্দিষ্ট নীতি ৰচনা কৰা উচিত।

তেওঁ কয় যে চৰকাৰৰ নীতি অনিশ্চিত হ’ব নোৱাৰে৷ আমেৰিকাই এখোজ আগুৱাই গ’লে ভাৰতৰ কি প্ৰতিক্ৰিয়া হ’ব? তেওঁ দুখোজ পিছুৱাই গ’লে কি কৰিব ভাৰতে? ইয়াৰ কিছু সুনিৰ্দিষ্ট উত্তৰ চৰকাৰৰ হাতত থকা উচিত।

লগতে তেওঁ কয় যে এনে নীতিক সমগ্ৰ বিশ্বৰ আগত ৰখাৰ প্ৰয়োজন নাই, কিন্তু অন্ততঃ সংসদত ইয়াৰ ওপৰত এটা বক্তব্য দিব লাগে বা বিৰোধী দলৰ সৈতে আলোচনা কৰিব লাগে।

লগতে তেওঁ দাবী কৰে যে চৰকাৰৰ অধিকাংশ মন্ত্ৰী নিজেই এই বিষয়ত অজ্ঞাত। তেওঁ প্ৰশ্ন কৰে যে আমেৰিকাৰ অনিশ্চিত নীতিৰ প্ৰতি সঁহাৰি জনাবলৈ কোনে কৌশল ৰচনা কৰিছে?

তেওঁ কয় যে চৰকাৰে হঠাৎ আৰু অবিবেচক সিদ্ধান্ত গ্ৰহণ কৰিছে, যেনে বাজেট ভাষণত ২% কৰ আঁতৰাই দিয়া হৈছিল আৰু কিছুদিন পূৰ্বে ৬% ডিজিটেল সেৱা কৰ (গুগল কৰ) বিলুপ্ত কৰাৰ কথা ঘোষণা কৰা হৈছে। তেওঁ প্ৰশ্ন কৰে যে চৰকাৰে আৰু কিমান ৰেহাই দিবলৈ ওলাইছে?

চিদাম্বৰমে কয় যে ভাৰতে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে আৰু আন দেশৰ সৈতে হাত মিলাই আমেৰিকাৰ একপক্ষীয় নীতিৰ বিৰোধিতা কৰিব লাগে।

আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি, বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত এই শুল্ক সলনি কৰিব নোৱাৰিব বুলিও তেওঁ কয়।

কানাডাৰ প্ৰধানমন্ত্ৰীৰ উদাহৰণ দি তেওঁ কয় যে তেওঁ নিজৰ দেশৰ সংসদক আস্থাত লৈ ইউৰোপীয় দেশসমূহৰ সৈতে ট্ৰাম্পৰ শুল্ক নীতিক প্ৰতিহত কৰাৰ পৰিকল্পনা কৰিছিল।