প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ পৰা বিশ্বক দিছে শান্তিৰ বাৰ্তা ।এই বৈঠকখন আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি পুটিনলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বৈঠকখনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে “মই অত্যন্ত সুখী যে আজি আমি এক সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়াল হিচাপে প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিছো।মই ব্ৰিকছ পৰিয়ালৰ সকলো নতুন সদস্য আৰু সহকৰ্মীক উষ্ম আদৰণি জনাইছো।যোৱা এবছৰত ৰাছিয়াৰ সফল ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত বাবে মই ৰাষ্ট্ৰপতি পুটিনক অভিনন্দন জনাইছো”। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে “বন্ধুসকল, আমাৰ সভাখন এনে সময়ত অনুষ্ঠিত হৈছে, যেতিয়া পৃথিৱীখনত যুদ্ধ, সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা, জলবায়ু পৰিৱৰ্তন, সন্ত্ৰাসবাদৰ দৰে বহুতো প্ৰত্যাহ্বানৰ দ্বাৰা আৱৰি আছে। এনে পৰিস্থিতিত, ব্ৰিকছক লৈ আমাৰ বহু প্ৰত্যাশা আছে”। যুদ্ধৰ কথা উল্লেখ কৰি তেওঁ কয় যে “আমি যুদ্ধসমৰ্থন নকৰোঁ, আমি কেৱল আলোচনা আৰু কূটনীতি হে সমৰ্থন কৰো। আমি সদায় এনেদৰে থাকিব লাগে যেনেদৰে আমি একেলগে কোভিডৰ দৰে এটা প্ৰত্যাহ্বানক পৰাজিত কৰিছিলো। সন্ত্ৰাসবাদ সৈতে মোকাবিলা কৰিবলৈ আমি সকলোৱে একত্ৰিত হ’ব লাগিব আৰু দৃঢ়ভাৱে সহযোগিতা কৰিব লাগিব”।