ছিৰিয়াৰ যুদ্ধৰ মাজত আৱদ্ধ হৈ থকা চাৰিজন ভাৰতীয় নাগৰিক ইতিমধ্যে ভাৰতলৈ উভতি আহিছে। ভাৰতীয় দূতাবাসে তেওঁলোকক চিৰিয়াৰ পৰা উলিয়াই দিল্লী বিমানবন্দৰলৈ লৈ আহিছে।
দেশলৈ উভতি অহাৰ পিছত, এই নাগৰিকসকলে চিৰিয়াৰ পৰিস্থিতি বৰ্ণনা কৰিছে। আইজিআই বিমানবন্দৰত উপস্থিত হোৱা এজন ভাৰতীয় নাগৰিকে কয়, “মই ১৫-২০ দিন পূৰ্বে তালৈ গৈছিলো।
“ভাৰতীয় দূতাবাসে আমাক স্থানান্তৰ কৰিছিল। প্ৰথমে আমি লেবানন আৰু তাৰ পিছত আজি আমি দিল্লী পাইছো। আমি আমাৰ দেশত উপস্থিত হৈ আনন্দিত। ভাৰতীয় দূতাবাসে আমাক যথেষ্ট সহায় কৰিছিল। “
ভাৰতীয় সকলো নাগৰিকক ইতিমধ্যে ছিৰিয়াৰ পৰা স্থানান্তৰিত কৰিছে, যিসকলে ৰাষ্ট্ৰপতি বাছাৰ আসাদৰ চৰকাৰ উৎখাত হোৱাৰ পিছত ঘৰলৈ উভতিব বিচাৰিছিল।মঙলবাৰে ভাৰতীয় নাগৰিকসকলক ছিৰিয়াৰ পৰা স্থানান্তৰ কৰিছিল।
ছিৰিয়াৰ পৰা উভতি অহা এজন ভাৰতীয় নাগৰিকে দিল্লী বিমানবন্দৰত কয়, “আমি আমাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিছিলো আৰু তেওঁলোকে আমাক প্ৰথমে দামাস্কাচলৈ মাতিছিল।আমি তাত ২-৩ দিন থাকিলোঁ, তাৰ পিছত আমাক বৈৰুতলৈ লৈ যোৱা হ’ল।তাত পৰিস্থিতি অতি গুৰুতৰ। প্ৰতিদিনে আমি ৰকেট আৰু গুলীবৰ্ষণৰ শব্দ শুনিছিলো”।
উল্লেখ্য যে বিদ্ৰোহীসকলে ছিৰিয়াৰ আন কেইবাখনো মুখ্য চহৰ দখল কৰাৰ পিছত ৰাজধানী দামাস্কাচ নিয়ন্ত্ৰণ লৈছিল। বিদ্ৰোহী গোট হায়াত তাহবিৰ আল-শ্বামে (এইচটিএছ) দামাস্কাচৰ নিয়ন্ত্ৰণ লোৱাৰ পিছত আসাদ দেশৰ পৰা পলাই যায়,ইয়াৰ ফলত তেওঁৰ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ অৱসান ঘটিল।