গ্ৰেপ্তাৰ হোৱা বিষয়া পাৰ্থ হাজৰিকাৰ ঘৰত লাখে লাখে টকা। পাৰ্থ হাজৰিকাৰ ঘৰত উদ্ধাৰ হৈছে নগদ ৪৭ লাখ ৩০ হাজাৰ ৫০০ টকা । টকাৰ পাহাৰ দেখি হতভম্ব হৈ পৰিছে অভিযানকাৰী বিষয়া। ঘোচ লওতেই জনতা ভৱনত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল আবকাৰী শাখা বিষয়া পাৰ্থ হাজৰিকা। ২৪ হাজাৰ ৫০০ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল বিষয়া গৰাকী । বাৰৰ অনুজ্ঞাপত্ৰৰ নামত পাৰ্থ হাজৰিকাই লৈছিল ঘোচ। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল পাৰ্থ হাজৰিকাক।