আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ত আফগানিস্তানৰ দলটোৱে এটা নতুন অভিলেখ গঢ়িছে। অপেনাৰ ইব্ৰাহিম জাদৰানৰ এক দৰ্শনীয় শতকৰ বাবে আফগানিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে ৩০০ তকৈও অধিক ৰাণ সংগ্ৰহ কৰে।
আফগানিস্তানে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৩২৫ ৰাণ সংগ্ৰহ কৰিছিল।অপেনাৰ ইব্ৰাহিম জাদৰানে আফগানিস্তানক এই বৃহৎ স্ক’ৰত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
খেলুৱৈ গৰাকীয়ে ১৭৭ ৰাণ সংগ্ৰহ কৰে। ইফালে, অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীয়ে ৪০, আজমতুল্লাহ ওমৰজাই৪১ ৰাণ আৰু মহম্মদ নবীয়ে ৪০ ৰাণ যোগ কৰে।
আফগানিস্তান দলে প্ৰথমবাৰৰ বাবে আইচিচি টুৰ্ণামেণ্টত ৩০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰাৰ উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে।
আইচিচিত আফগানিস্তানৰ পূৰ্বৰ সৰ্বাধিক স্ক’ৰ আছিল ২৯১/৫ ৰাণ, যিটো ২০২৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপত মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত কৰিছিল।
এই খেলখনত জাদৰানে আফগানিস্তানৰ হৈ সৰ্বাধিক অপৰাজিত ১২৯ ৰাণ সংগ্ৰহ কৰিছিল। অৱশ্যে, সেই খেলখনত আফগানিস্তানে অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় হৈছিল।
আফগানিস্তানৰ হৈ ইব্ৰাহিম জাদ্ৰানে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল।ইব্ৰাহিম জাদৰানে ১৪৬ টা বলত ১২ টা চাৰি আৰু ৬ টা ছয়ৰ সহায়ত ১৭৭ ৰাণৰ ইনিংছ খেলি চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত সৰ্বাধিক স্ক’ৰৰ বিশ্ব অভিলেখ ভংগ কৰে।
পূৰ্বে এই ৰেকৰ্ডটো বেন ডাকেটৰ হাতত আছিল। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ডাকেটে ১৬৫ ৰাণ সংগ্ৰহ কৰিছিল। ডাকেটে ২২ফেব্ৰুৱাৰীত এই অভিলেখ স্থাপন কৰিছিল, যিটো মাত্ৰ ৫ টা দিনতে শেষ হৈছিল।