দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বৃহৎ বিজয় সাব্যস্ত কৰিছে । দিল্লীত আপক বিজয়ৰ হেট্ৰিক অৰ্জনত বাধা দিলে বিজেপিয়ে । ইয়াৰ লগে লগে ২৭ বছৰৰ পাছত দিল্লীত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিছে । দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী তথা আপৰ ৰাষ্ট্রীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পৰা আৰম্ভ কৰি প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়ালৈকে সকলো নির্বাচনত পৰাস্ত হৈছে ৷
দিল্লীত সংখ্যাগৰিষ্ঠ সংখ্যা ৩৬ । যিটো বিজেপিয়ে সহজেই লাভ কৰি ক্ষমতা দখল কৰিবলৈ সক্ষম হয় । দিল্লীত ক্ষমতাৰ পৰিৱৰ্তনৰ ঢৌৰ পৰিপ্ৰেক্ষিতত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশত দিল্লী চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক নিৰ্দেশ জাৰি কৰিছে ।
আদেশত এই কথা কোৱা হৈছে-
সচিবালয়ৰ নথি-পত্ৰৰ সুৰক্ষা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কোৱা হৈছে যে বিভাগৰ অনুমতি অবিহনে কোনো ফাইল, নথি, কম্পিউটাৰ হাৰ্ডৱেৰ আদি দিল্লী সচিবালয় চৌহদৰ বাহিৰলৈ নিব নোৱাৰিব । লগতে মন্ত্ৰী পৰিষদৰ সকলো বিভাগ, সংস্থা আৰু শিবিৰ কাৰ্যালয়ক বিভাগৰ অনুমতি অবিহনে কোনো ৰেকৰ্ড বা ফাইল আঁতৰাই নিদিবলৈ নিৰ্দেশ দিয়া হৈছে ।