আপৰ পৰাজয়ৰ পিছতে বন্ধ কৰি দিয়া হ’ল দিল্লী সচিবালয়, ফাইল, কম্পিউটাৰৰ ডাটা চুৰি হোৱাৰ আশংকা!

আপৰ পৰাজয়ৰ পিছতে বন্ধ কৰি দিয়া হ’ল দিল্লী সচিবালয়, ফাইল, কম্পিউটাৰৰ ডাটা চুৰি হোৱাৰ আশংকা!

দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বৃহৎ বিজয় সাব্যস্ত কৰিছে । দিল্লীত আপক বিজয়ৰ হেট্ৰিক অৰ্জনত বাধা দিলে বিজেপিয়ে । ইয়াৰ লগে লগে ২৭ বছৰৰ পাছত দিল্লীত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিছে । দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী তথা আপৰ ৰাষ্ট্রীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পৰা আৰম্ভ কৰি

দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বৃহৎ বিজয় সাব্যস্ত কৰিছে । দিল্লীত আপক বিজয়ৰ হেট্ৰিক অৰ্জনত বাধা দিলে বিজেপিয়ে । ইয়াৰ লগে লগে ২৭ বছৰৰ পাছত দিল্লীত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিছে । দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী তথা আপৰ ৰাষ্ট্রীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ পৰা আৰম্ভ কৰি প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়ালৈকে সকলো নির্বাচনত পৰাস্ত হৈছে ৷

দিল্লীত সংখ্যাগৰিষ্ঠ সংখ্যা ৩৬ । যিটো বিজেপিয়ে সহজেই লাভ কৰি ক্ষমতা দখল কৰিবলৈ সক্ষম হয় । দিল্লীত ক্ষমতাৰ পৰিৱৰ্তনৰ ঢৌৰ পৰিপ্ৰেক্ষিতত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশত দিল্লী চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক নিৰ্দেশ জাৰি কৰিছে ।

আদেশত এই কথা কোৱা হৈছে-

সচিবালয়ৰ নথি-পত্ৰৰ সুৰক্ষা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কোৱা হৈছে যে বিভাগৰ অনুমতি অবিহনে কোনো ফাইল, নথি, কম্পিউটাৰ হাৰ্ডৱেৰ আদি দিল্লী সচিবালয় চৌহদৰ বাহিৰলৈ নিব নোৱাৰিব । লগতে মন্ত্ৰী পৰিষদৰ সকলো বিভাগ, সংস্থা আৰু শিবিৰ কাৰ্যালয়ক বিভাগৰ অনুমতি অবিহনে কোনো ৰেকৰ্ড বা ফাইল আঁতৰাই নিদিবলৈ নিৰ্দেশ দিয়া হৈছে ।