লেপটপ এনে এটা ডিভাইচ যিটো বেছিভাগ মানুহে ব্যৱহাৰ কৰে । ইয়াক ব্যক্তিগত কামৰ লগতে কাৰ্যালয়ৰ কামতো ব্যৱহাৰ কৰা হয় । কিন্তু, আপোনাৰ লেপটপৰ বেটাৰীও সোনকালে শেষ হয়নে ? আপুনিও আপোনাৰ লেপটপটো বাৰে বাৰে চাৰ্জত ৰাখিব লাগিব নেকি, তেন্তে চিন্তা নকৰিব । আমি আপোনাক এনে কিছুমান টিপছ কম যাৰ সহায়ত আপুনি আপোনাৰ লেপটপৰ বেটাৰীৰ ব্যৱহাৰৰ সময় বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে ।
লেপটপৰ বেটাৰীৰ ব্যৱহাৰৰ সময় বৃদ্ধি কৰিবলৈ ছেটিংছ-
বেচাৰী চেভাৰত পাৱাৰ মোড চেট কৰক- বেছিভাগ লেপটপত পাৱাৰ মোড বিকল্প আছে । বেটাৰি চেভাৰ অৱস্থালৈ গ’লে আপোনাৰ ডিভাইচৰ বেটাৰীৰ লাইফ যথেষ্ট বৃদ্ধি কৰিব ।
স্ক্ৰীণৰ উজ্জ্বলতা হ্ৰাস কৰক- স্ক্ৰীণৰ উজ্জ্বলতা যিমানেই কম হ’ব, ই সিমানেই কম বেটাৰী খৰচ হব ।
বেকগ্ৰাউণ্ড এপসমূহ বন্ধ কৰক- আপুনি ব্যৱহাৰ নকৰা এপসমূহ বন্ধ কৰক । বেকগ্ৰাউণ্ডত চলি থকা এপসমূহে আপোনাৰ বেটাৰীৰ কাৰ্যক্ষমতা দ্ৰুতভাৱে শেষ কৰে ।
শ্লীপ মোড ছেট কৰক- যদি আপুনি লেপটপ ব্যৱহাৰ কৰা নাই, ইয়াক শ্লীপ মোডত ৰাখক । ইয়াৰ ফলত বেটাৰীৰ ব্যৱহাৰ হ্ৰাস পাব ।
ৱায়াৰলেচ সংযোগ অফ কৰক- ৱাই-ফাই বা ব্লুটুথ ব্যৱহাৰ নহ’লে ইয়াক অফ কৰক । বেটাৰী সংৰক্ষণ কৰাৰ এইটোও এটা ভাল উপায় ।
ডিচপ্লে ছেটিংছ এডজাষ্ট কৰক- ডিচপ্লে ৰিফ্ৰেছ ৰেট হ্ৰাস কৰা আৰু পাৱাৰ চেভিং মোড অন কৰাটোৱেও সহায় কৰিব পাৰে ।
আন গুৰুত্বপূৰ্ণ টিপছ-
লেপটপ ঠাণ্ডা ৰাখক- লেপটপ অতিমাত্ৰা গৰম হোৱাৰ পৰা ৰক্ষা কৰক । বেটাৰী গৰম হলে সোনকালে ক্ষতিগ্ৰস্ত হ’ব পাৰে ।
আপ-টু-ডেট ৰাখক- আপোনাৰ লেপটপৰ অপাৰেটিং চিস্টেম আৰু ড্ৰাইভাৰসমূহ সদায় আপডেট ৰাখক ।
বেটাৰি পৰীক্ষা কৰক- সময়ে সময়ে আপোনাৰ বেটাৰী পৰীক্ষা কৰক । যদি বেটাৰী ক্ষতিগ্ৰস্ত হৈছে তেন্তে সলনি কৰক ।